নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্রত্যক্ষ কৰ সংগ্রহ ৩০ শতাংশলৈ বৃদ্ধিঃ বিত্ত মন্ত্রালয়

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ক’ভিড অতিমাৰীৰ পাছত দেশত অর্থনৈতিক কাম–কাজে পুনৰ জীৱন লাভ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে উল্লেখ কৰা অনুসৰি মুঠ প্রত্যক্ষ কৰ সংগ্রহ ৩০ শতাংশ বৃদ্ধি পাইছে৷ অর্থাৎ ১৭ ছেপ্ঢেম্বৰলৈ চলিত বিত্তীয় বর্ষটোত প্রত্যক্ষ কৰ সংগ্রহ হৈছে ৮.৩৬ লাখ কোটি টকা৷ কর্প’ৰেট আৰু ব্যক্তিগত কৰ সংগ্রহৰ এই বৃদ্ধিয়ে দেশৰ অর্থনৈতিক সমৃদ্ধিৰ ইংগিত বহন কৰা বুলিও বিত্ত মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷

উল্লেখনীয় যে কৰ সংগ্রহ ব্যৱস্থা পূর্বৰ তুলনাত যথেষ্ট উন্নত হোৱা বুলিও বিত্ত মন্ত্রালয়ৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ সুস্থিৰ নীতিৰ বাবে প্রত্যক্ষ কৰ সংগ্রহ বৃদ্ধি পোৱা বুলি দাবীও কৰা হৈছে এই প্রতিবেদনত৷ লক্ষণীয়ভাৱে কৰ সংগ্রহৰ ক্ষেত্রত প্রযুক্তিৰ সঠিক ব্যৱহাৰে কৰদাতাসকলকো উপকৃত কৰা বুলি ঘোষণা কৰি আহিছে কেন্দ্রীয় চৰকাৰে৷

উল্লেখনীয় যে প্রত্যক্ষ কৰৰ ভিতৰত আছে কর্প’ৰেটৰ আয়কৰ, ব্যক্তিগত আয়কৰ তথা ছিকিৰিউটিজ ট্রেনজেকচন টেক্স (এছ টি টি)৷ ইয়াৰ ভিতৰত কর্প’ৰেটৰ পৰা সংগ্রহ কৰা হৈছে ৩,৬৮,৪৮৪ কোটি টকা৷ ইফালে ব্যক্তিগত আয়কৰ আৰু এছ টি টি হিচাপে সংগ্রহ হৈছে ৩,৩০,৪৯০ কোটি টকা৷ কৰ সংগ্রহ বৃদ্ধিয়ে দেশৰ সামগ্রিক অর্থনীতিলৈ আশা কঢ়িয়াই আনিছে৷

You might also like