নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীৰ স্নান কৰা ভিডিঅ’ মুকলিক লৈ উত্তাল চণ্ডীগড় বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ পঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্রীসকলৰ হোষ্টেলত স্নানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰা ঘটনাক লৈ উত্তাল হৈছে সমগ্র ৰাজ্যখন৷ আজি পুৱাৰ ভাগত বিশ্ববিদ্যালয় চৌহদত তীব্র বিক্ষোভ প্রদর্শন কৰে শিক্ষার্থীসকলে৷ আনফালে আৰক্ষীৰ তদন্তৰ মাজতে এই ঘটনাত ৰাজনীতিৰ ৰং লাগিছে৷ পঞ্জাবৰ শাসকীয় দল আম আদমী পার্টীয়ে দোষীক শাস্তিৰ প্রতিশ্রুতি দিয়াৰ সময়ত আন্দোলন অধিক তীব্রতৰ কৰি তুলিছে বিজেপিয়ে৷ শীঘ্রে দোষীক গ্রেপ্তাৰ কৰাৰ বাবে প্রশাসনৰ ওপৰত চাপ সৃষ্টি কৰিছে বিজেপিয়ে৷ অৱশ্যে তদন্তৰ পাছত এই সমগ্র ঘটনাক অপপ্রচাৰ বুলি অভিহিত কৰিছে আৰক্ষীয়ে৷ এই ঘটনা সন্দর্ভত তদন্ত চলাই চণ্ডীগড় আৰক্ষীয়ে এগৰাকী ছাত্রীৰ পৰা এটা ভিডিঅ’ লাভ কৰাৰ পাছতে ছাত্রীজনী তথা তেওঁৰ প্রেমিকক গ্রেপ্তাৰ কৰা হৈছে যদিও সেই ভিডিঅ’ ছাত্রীগৰাকীৰ নিজৰ বুলিহে আৰক্ষীয়ে সদৰী কৰিছে৷

You might also like