ভাৰত-ভূটান সীমান্তবাসীলৈ সুখবৰঃ কাইলৈৰ পৰা মুকলি হ’ব ভূটানৰ প্ৰৱেশদ্বাৰ
নিয়মীয়া বাৰ্তা , ২২ ছেপ্টেম্বৰ : ভাৰত- ভূটান সীমান্তবাসীলৈ সুখবৰ ৷ বহু জল্পনা কল্পনা আৰু উৎকণ্ঠাৰ অন্তত আঢ়ৈ বছৰ ধৰি কোভিডৰ বাবে বন্ধ হৈ থকা চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ কাইলৈৰ পৰা (২৩ ছেপ্টেম্বৰ) পুনৰ মুকলি হ’ব ৷ উল্লেখযোগ্য যে কোভিড কালীন সময়ছোৱাত ভাৰতীয় লোক তথা পৰ্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ আছিল ভূটানত৷ ফলত ভূটানৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা ভাৰতীয় শ্ৰমিক সকল ভাৰতলৈ উভতি আহিবলগীয়া হৈছিল। ভূটানৰ নাগৰিক সকলকো নিষিদ্ধ কৰা হৈছিল ভাৰতলৈ প্ৰৱেশৰ ক্ষেত্ৰত ৷ সম্প্ৰতি বিগত আঢ়ৈ বছৰৰ পিচত ভূটান চৰকাৰে পুনৰ ভূটানৰ প্ৰৱেশ দ্বাৰ মুকলি কৰি দিবলৈ লোৱা সিদ্ধান্তত ভাৰত- ভূটান সীমান্তত বসবাস কৰা ভাৰতীয় নাগৰিক তথা ব্যৱসায়ী সকল উৎফুল্লিত হৈ পৰিছে ৷ ইতিমধ্যে ভূটানৰ নাগৰিক সকলকো আদৰিবলৈ সাজু হৈছে ভাৰতীয় ব্যৱসায়ীসকল ৷ তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী ভূটানৰ চানদ্ৰুৱ জংখাৰ জিলাৰ প্ৰৱেশদ্বাৰ খোলাকলৈ সীমান্তৰ বিশেষকৈ দৰঙ্গামেলাৰ শ্ৰমিক, নাগৰিক তথা ব্যৱসায়ীসকল উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে ভূটানৰ প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ ফলত বৃহত্তৰ দৰঙ্গামেলা অঞ্চলৰ ব্যৱসায়- বাণিজ্য সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল । বন্ধ হৈ গৈছিল বহু সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বিগত আঢ়ৈ বছৰত অঞ্চলটোৰ অৰ্থনৈতিক দিশত প্ৰভাৱ পৰিছিল ৷ কিন্তু কাইলৈ পুৱা ১০ বজাৰ পৰা পুনৰ মুকলি হ’ব ভূটানৰ চামদ্ৰুপঝংখাৰ জিলাৰ প্ৰৱেশদ্বাৰ ৷ যাৰ বাবে স্থানীয় সৰু-বৰ ব্যৱসায় প্ৰতিষ্ঠান নতুনকৈ সজোৱাত ব্যস্ত হৈ পৰিছে ইয়াৰ ব্যৱসায়ীসকল ৷ প্ৰৱেশদ্বাৰ মুকলিৰ লগে লগে বৃহত্তৰ দৰঙ্গামেলা পুনৰ প্ৰাণ পাই উঠিব বুলি স্থানীয় জনসাধাৰণে আশা প্ৰকাশ কৰিছে।
প্ৰেৰক ৰজনী বৰ্মন