নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাডাৰত কলিয়াবৰ লোকসভা সমষ্টি : বোকাখাতত ৰণডংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে

নিয়মীয়া বার্তা, ২২ ছেপ্টেম্বৰ :: সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন। বিজেপিয়ে আৰম্ভ কৰিছে মিছন ১৪৪। মিছন ১৪৪ হল দেশৰ বিৰোধীৰ দখলত থকা সমষ্টিসমূহ, যত বিজেপি কম ভোটত পৰাস্ত হৈছিল। সেই অনুসৰি অসমৰো তিনিটা সমষ্টি আছে বিজেপিৰ ৰাদাৰত। তাৰে অংশহিচাপে কলিয়াবৰ সমষ্টিত শেন চকু ৰাখিছে বিজেপিয়ে। কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উদ্ধাৰৰ বাবে বিজেপিয়ে মিছন আৰম্ভ কৰিছে। ইয়াৰে অংশ হিচাপে কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টিৰ তত্বাৱধায়কৰ দায়িত্বত থকা তথা কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বোকাখাতত এক বিশাল জনসভাত ভাগ লৈ বজালে ২৪ ৰ নিৰ্বাচনৰ ৰণডংকা। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থকা জনসভাত চৰকাৰী জনমুখী আঁচনিসমূহৰ সম্পৰ্কত ভাষণ প্ৰদান কৰি বিশ্ব জননেতা নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী  হোৱাৰ পাছৰে পৰা অসম অৰুণাচলকে ধৰি উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব আৰোপ কৰিছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰ লোকসভা সমষ্টিটি বিৰোধীৰ হাতত থকাৰ কাৰণে উন্নয়ন স্থবিৰ হৈ পৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে কয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনমুখী আঁচনিসমূহ জনসাধাৰণ মাজলৈ নিয়াৰ লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দ্ৰুতগতিত সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থীক ভোট দান কৰি জয় কৰাবলৈ আহ্বান জনায়। ইপিনে দেশৰ মহিলা হিতাধিকাৰীসকল স্মাৰ্ট আৰু অধিকাৰ সাব্যস্তৰ ক্ষেত্ৰতো সচেতন বুলি কয়। সভাত হিতাধিকাৰীৰ সৈতে মতবিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰিজেজুৱে। আনহাতে ভাৰতীয় জনতা পার্টিৰ বোকাখাত মণ্ডলে  সত্যনাৰায়ন সেৱা সদনত আয়োজন কৰা নাগৰিক সভাতো অংশগ্ৰহণ কৰে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৱে।  গোলাঘাট জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰাই আঁত ধৰা সভাত বোকাখাতৰ সকলো পৰ্যায়ৰ নাগৰিক, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি মতবিনিময় কৰে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৱে। কেন্দ্রীয় মন্ত্রী গৰাকীক বোকাখাতৰ বিভিন্ন সমস্যা আদিৰ সম্বলিত স্মাৰক পত্র প্ৰদান কৰে। বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত এখন পৰ্যালোচনা সভাতো অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰিজেজুৱে । সভাত গোলাঘাট জিলাৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিৰ বৰ্তমান স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে। সভাত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ ডাঙৰীয়াই গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছন, প্ৰধানমন্ত্ৰী কিষাণ যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনা, প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান, আয়ুষ্মান ভাৰত, অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা,মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি, বিদ্যাঞ্জলি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় শাৰীৰিক বাধাগ্ৰস্ত পেঞ্চন আঁচনি আদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ আৰু বৰ্তমান স্থিতি সম্পৰ্কে পাৱাৰপইন্ট প্ৰেজেন্টেচনৰ জৰিয়তে মন্ত্ৰীগৰাকীক বহল ভাৱে অৱগত কৰে। সভাত মন্ত্ৰীগৰাকীয়ে আঁচনি সমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰকৃত হিতাধিকাৰী সকল যাতে উপকৃত হয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে লগতে নিয়মীয়াকৈ হিতাধিকাৰী সকলৰ লগত মত বিনিময় কৰি আঁচনি সমূহৰ সঠিক ব্যৱহাৰৰ প্ৰতি সজাগ কৰিবলৈ কয়। গোলাঘাট জিলাত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ স্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। পৰ্যালোচনা সভাত  মাননীয় সাংসদ  কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক  বিশ্বজিৎ ফুকন, অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, প্ৰমুখ্য কৰি জিলা আৰু মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে। পৰ্যালোচনা সভাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ উপৰিও স্মৃতি উদ্যানত প্ৰতিষ্ঠিত ক্ৰমে শ্বহীদ কমলা মিৰি, শ্বহীদ বিজু বাউৰী, শিল্পী আইদেউ সন্দিকৈ, বীৰাংগনা সতী সাধনী আৰু সতী ৰাধিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু মাল্যাৰ্পণ কৰে।
আজিৰ এই একাধিক কাৰ্যসূচীত ভাগ লোৱাৰ আগতে কাজিৰঙাৰ কাক গোসাঁনী থান সেৱা লয় কেন্দ্ৰীয় মন্ত্ৰী ৰিজেজুৱে। থানৰ পৰা ওলাই আহি সাংবাদিকে হোৱা বার্তালাপত কেন্দ্ৰীয় মন্ত্ৰী ৰিজেজুৱে কয় যে ভাৰতত বৰ্তমান ৪ কোটি ৮০ লাখ গোচৰ বিচাৰাধীন হৈ আছে। ইয়াৰে ৮৫ শতাংশ গোচৰ নিম্ন আদালতত চলি আছে। উচ্চ ন্যায়ালয়ত ৬০ লাখ আৰু উচ্চতম ন্যায়ালত ৭০ হাজাৰ গোচৰ বিচাৰাধীন হৈ আছে। ইপিনে নীতি নিয়মৰ মাজেৰে বন্যপ্ৰাণী আইনখন কঠোৰ কৰা হ’ব বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰী ৰিজেজুৱে। উল্লেখযোগ্য যে আজি দিন জোৰা কাৰ্যসূচীৰ অন্তত সাংবাদিকক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে চৰকাৰী আঁচনি ৰূপায়ণ কাৰ্যত সন্তোষ প্ৰকাশ কৰি পৰৱৰ্তী সময়ত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত অধিক আঁচনি গ্ৰহণ কৰি উন্নয়নৰ গতি অধিক দ্ৰুত কৰা হব বুলি কয়।
প্ৰেৰক পৱন কামান
You might also like