নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি চাৰিদিনীয়া অসম–মেঘালয় ভ্রমণসূচীৰে মোহন ভাগৱত

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ:  অসম–মেঘালয়ৰ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি শ্বিলঙত উপস্থিত হ’ব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী মোহন ভাগৱত৷ সংঘৰ অসম ক্ষেত্রৰ উত্তৰ অসম প্রান্তৰ মেঘালয়ত আজি তেওঁ উপস্থিত হ’ব৷ উত্তৰ অসম প্রান্তৰ প্রচাৰপ্রমুখ কিশোৰ শিৱমে সদৰী কৰা অনুসৰি আৰ এছ এছৰ স্বৰসংঘচালক ভাগৱতে দেশৰ বিভিন্ন ৰাজ্যত কৰা নিয়মিত প্রবাহৰ এক অনুৰূপ কার্যসূচীৰ অধীনত আজি শ্বিলঙত উপস্থিত হ’ব৷ দুদিনীয়া কার্যসূচীৰে আজি বিয়লিৰ ভাগত তেওঁ শ্বিলঙত উপস্থিত হ’ব৷

শ্বিলং ভ্রমণৰ সময়তে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ৰাজ্যখনৰ স্বয়ংসেৱক কার্যকর্তাসকলৰ উপৰি সমভাবাপন্ন তথা শুভচিন্তকসকলৰ সৈতে মত বিনিময় কৰিব৷ এই ভ্রমণৰ সময়তে তেওঁ সংঘৰ কর্মবিস্তাৰ সম্পর্কেও চর্চা কৰিব৷ তদুপৰি শ্বিলঙত সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক সমাৱেশতো ভাগৱতে ভাগ ল’ব৷ য’ত তেওঁ পৰিৱেশ সংৰক্ষণ, গ্রাম্য উন্নয়ন, ৰাষ্ট্রীয় প্রমূল্য আদি বিভিন্ন বিষয়ৰ ওপৰত বিশ্লেষণ আগবঢ়াব৷ মেঘালয় ভ্রমণ সামৰি ২৬ ছেপ্টেম্বৰত তেওঁ শ্বিলঙৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব৷ স্বৰসংঘচালকগৰা ২৭ ছেপ্টেম্বৰত গুৱাহাটীত সংঘৰ কার্যবিস্তাৰ সম্পর্কে আলোচনা কৰাৰ লগতে কেইবাখনো বৈঠকত অংশগ্রহণ কৰিব৷ অহা ২৮ ছেপ্টেম্বৰত তেওঁ পুনৰ উভতি যাব৷

You might also like