নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউকো বেংকৰ ৩০ লাখ টকা আত্মসাৎ; শাখা প্রবন্ধকক গ্রেপ্তাৰ

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: ধন আত্মসাৎ কৰাৰ অভিযোগত ইউকো বেংকৰ ছুপাৰ মার্কেট শাখাৰ প্রবন্ধক লব্ধপ্রতিম শইকীয়াক দিছপুৰ আৰক্ষীয়ে আজি গ্রেপ্তাৰ কৰিছে৷ বেংকটোৰ পৰা ৩০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল শইকীয়াৰ বিৰুদ্ধে৷ প্রাপ্ত তথ্য অনুসৰি মৃত ব্যক্তিৰ নামত বেংক একাউণ্ট খুলি ধন আত্মসাৎ কৰিছিল শাখা প্রবন্ধকজনে৷ তদুপৰি মৃত চৰকাৰী কর্মচাৰীৰ ধন এনেদৰে ভুৱা একাউণ্ট খুলি আত্মসাতৰ চেষ্টা কৰা বুলি শইকীয়াৰ বিৰুদ্ধে দীর্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে৷ এই সন্দর্ভত তেওঁৰ বিৰুদ্ধে অভিযোগ লাভ কৰাৰ পাছতে সংশ্লিষ্ট বেংক কর্তৃপক্ষই দিছপুৰ আৰক্ষী থানাত শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ইয়াৰ পাছতে বিগত ছমাহ ধৰি অভিযুক্ত শইকীয়া পলাতক হৈ আছিল৷ এই সময়ছোৱাতে আগতীয়া জামিন বিচাৰি অভিযুক্তজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ অৱশ্যে আৰক্ষীৰ তীব্র বিৰোধিতাৰ প্রতি লক্ষ্য ৰাখি তেওঁৰ জামিন খাৰিজ কৰিছিল উচ্চ ন্যায়ালয়ে৷ ইয়াৰ পাছতে দিছপুৰ আৰক্ষীয়ে অভিযুক্ত শইকীয়াক বিচাৰি বিভিন্ন সময়ত অনুসন্ধান অব্যাহত ৰাখিছিল৷ ইয়াৰ পাছতে আজি শাখা প্রবন্ধকজনক দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কাইলৈ তেওঁক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে৷

You might also like