নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: ক্লান্তিৰ বাবে ভাৰতীয় পাইলটসকলে কামৰ সময়তে শুই পৰে৷ এক সমীক্ষাত পাইলটসকলেই দিছে এই তথ্য৷ বিমান চলোৱাৰ সময়ত ককপিটত বহি থকা অৱস্থাতে ৬৬ শতাংশ পাইলটৰ টোপনি আহে৷ ৫৪ শতাংশ পাইলটৰ নিদ্রা অতি বেছি৷ দেশৰ ৫৪২গৰাকী পাইলটে দিয়া তথ্যৰ ভিত্তিত এক এনজিঅ’ই এই সমীক্ষা চলাইছে৷ ছেফটী মাষ্টার্ছ ফাউণ্ডেচন নামৰ এনজিঅ’টোৰ সমীক্ষাত এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ বিমান যাত্রীসকলৰ নিৰাপত্তাক লৈও বিভিন্ন মহলে তুলিছে প্রশ্ন৷