নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত চীনা সেনাৰ মোকাবিলাৰ বাবে আমেৰিকা–ভাৰতে নির্মাণ কৰিব নতুন ড্রোন

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত চীনা ড্রোনৰ মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাই নতুন ড্রোন লাভ কৰিব৷ ভাৰতৰ সৈতে যৌথ উদ্যোগত বিমানৰ পৰা উৰাবলৈ সক্ষম এই ড্রোন নির্মাণৰ বার্তা দিছে আমেৰিকাই৷ আমেৰিকাৰ সহকাৰী প্রতিৰক্ষা সচিব এলি ৰেটনাৰে কালি ভাৰত চৰকাৰৰ প্রতিৰক্ষা আধুনিকীকৰণ সম্পর্কীয় কর্মসূচীত সহযোগিতা আগবঢ়াবলৈ ইচ্ছা প্রকাশ কৰিছে৷ এইক্ষেত্রত ভাৰতেও ইতিবাচক সঁহাৰি দিছে৷ অর্থাৎ আমেৰিকা আৰু ভাৰতে যৌথ উদ্যোগত অত্যাধুনিক ড্রোন নির্মাণ কৰিবলৈ বিশেষ প্রকল্প গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত ‘আত্মনির্ভৰ ভাৰত’ প্রকল্পত প্রতিকূল প্রভাৱ পৰিব বুলি একাংশই ধাৰণা কৰিছে৷

You might also like