কাইলৈ মহালয়াঃ ধুবুৰীত ‘চেতনা’ৰ উদ্যোগত বৰ্ণাঢ্য শোভাযাত্ৰা
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ কাইলৈ মহালয়া। তাৰ প্ৰাক্ মুহূৰ্তত আজি দেৱী বন্দনাৰে মুখৰিত হৈ উঠিল ধুবুৰীৰ ৰাজপথ। কাইলৈৰ মহালয়া আৰু আগন্তুক দুৰ্গাপূজাৰ সৈতে সংগতি ৰাখি আজি সন্ধিয়া ‘চেতনা’ নামৰ স্থানীয় সামাজিক–সাংস্কৃতিক অনুষ্ঠানটোৰ উদ্যোগত আয়োজিত হয় এক বৰ্ণ্যাঢ্য শোভাযাত্ৰা। কণ কণ শিশু আৰু মহিলাসকলে অংশ লোৱা সেই শোভাযাত্ৰাটো ধুবুৰী চহৰৰ মাজমজিয়াৰ তেতুলতলাৰ পৰা যাত্ৰা কৰি চহৰখনৰ বিভিন্ন অঞ্চলৰ ৰাজপথ পৰিভ্ৰমণ কৰে। শোভাযাত্ৰাটোত এখন আটক ধুনীয়াকৈ সজ্জিত ট্ৰাকত কণ কণ শিশুসকলে লোৱা দেৱী দুৰ্গাৰ ৰূপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। আজিৰ ‘চেতনা’ৰ এই শোভাযাত্ৰাত অংশ লোৱা ঢুলীয়াসকলৰ ঢোলৰ ছেওৰ শব্দই দুৰ্গাপূজাৰ পূৰ্বেই ধুবুৰী চহৰত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি কৰা পোৱা যায়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী