নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত মহালয়াক লৈ উখল–মাখল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ আজি মহালয়া। দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ মৰ্ত্যলৈ যাত্ৰা কৰাৰ আজিৰ এই বিশেষ দিনটোত দেৱীক আদৰিবলৈ ধুবুৰীত ধলপুৱাতে সৃষ্টি হোৱা দেখা গ’ল এক উখল মাখল পৰিৱেশ। দীৰ্ঘ বহু বছৰৰ পৰা চলি পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি দেৱীপক্ষৰ শুভাৰম্ভৰ শুভক্ষণত পুৱাৰে পৰা ধুবুৰীত আৰম্ভ হয় মহালয়া উপলক্ষে বিশেষ কাৰ্যসূচী। ধুবুৰীৰ ঐতিহ্যমণ্ডিত টাউন ক্লাৱৰ উদ্যোগত আয়োজিত উপলক্ষে এক বৰ্ণ্যঢ্য শোভাযাত্ৰাৰ আয়োজন কৰা হোৱাৰ বিপৰীতে ইতিহাস গৰকা ধুবুৰী কালীবাৰী প্ৰাংগণতো অনুষ্ঠিত হয় বিশেষ কাৰ্যসূচী। আজি পুৱা টাউন ক্লাৱে দেৱীক পিতৃগৃহলৈ আদৰিবলৈ  আয়োজিত কৰা সেই শোভাযাত্ৰাত অৰবিন্দ চক্ৰৱৰ্তীৰ চণ্ডীপাঠৰ লয়–সুৰে এক অপৰূপ পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে আজি পুৱা ধুবুৰী কালীবাৰী প্ৰাংগণত মহালয়া উপলক্ষে আয়োজিত হয় আন এক বৰ্ণাঢ্য কাৰ্যসূচী। কালীবাৰী মন্দিৰ কৰ্তৃপক্ষ আৰু নৃত্যাঙ্গন নামৰ এটি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত সেই কাৰ্য্যসূচীয়ে দৃষ্টি আকৰ্ষণ কৰে বহুতৰে। আনহাতে মহালয়া উপলক্ষে ধুবুৰী চহৰৰ বৰলুইতৰ ইতিহাসগৰকা নেতাই ধুবুনী পাৰঘাটত ধলপুৱাৰে পৰা সোঁত বয় ৰাইজৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like