ধুবুৰী আদালত চৌহদত ই-সেৱা কেন্দ্ৰ মুকলি
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ধুবুৰীস্থ জিলা আদালত চৌহদত আজি এটা ই-সেৱা কেন্দ্ৰ মুকলি কৰা হয়৷ সৰ্বসাধাৰণ ৰাইজ আৰু অধিবক্তাসকলৰ সহায় হোৱাকৈ উচ্চতম ন্যায়ালয়ৰ ই-কমিটিৰ পৰামৰ্শ অনুসৰি স্থাপন কৰা ডিজিটেল কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলা আৰু সত্ৰ ন্যয়াধীশ পি চি কলিতাই৷ এই উপলক্ষে আয়োজিত এখন সভাত ধুবুৰী জিলা আৰু সত্ৰ ন্যয়াধীশ পি চি কলিতাই কয় যে ই-সেৱা কেন্দ্ৰ স্থাপন কৰাতো ধুবুৰীবাসীৰ বাবে অতি আনন্দৰ কথা৷ ইয়াৰ জৰিয়তে গোচৰীয়া আৰু অধিবক্তাসকলে অতি সহজে গোচৰৰ বৰ্তমান স্থিতি, মোকৰ্দমাৰ পৰৱৰ্তী তাৰিখ আদি বিভিন্ন বিষয় সন্দৰ্ভত অৱগত হ’ব পাৰিব৷ পৰ্যায়ক্ৰমে এই কেন্দ্ৰৰ জৰিয়তে গোচৰ সংক্ৰান্তীয় প্ৰমাণীকৃত নথি উপলব্ধ কৰা হ’ব৷ বিনামূলীয়া আইন সাহাৰ্য সেৱা লাভ কৰাৰ প্ৰক্ৰিয়াৰ বিষয়েও ৰাইজে এই কেন্দ্ৰত জানিব পাৰিব৷ তেওঁ কয় যে আদালত চৌহদৰ গেটৰ কাষতে স্থাপন কৰা কেন্দ্ৰটোৱে আদালতলৈ অহা ৰাইজৰ সমস্যাৰ বহুখিনি সমাধান কৰিব৷ সভাত ধুবুৰী পাৰিবাৰিক আদালতৰ প্ৰধান ন্যায়াধীশ বিজয়ালক্ষ্মী, প’ছকো আদালতৰ প্ৰধান ন্যায়াধীশ পলি কটকী আৰু ধুবুৰী উকীল সন্থাৰ সভাপতি এন আই চৌধুৰীয়েও ভাষণ প্ৰদান কৰি ই-সেৱা কেন্দ্ৰৰ প্ৰয়োজনীয়তা আৰু সুবিধাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷ সভাত কেবাগৰাকী ন্যায়িক বিষয়া, কেবাগৰাকী অধিবক্তা আৰু আদালতৰ কৰ্মাচাৰীসকল উপস্থিত থাকে৷