নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ ২৮৯ বছৰীয়া পুৰণি ঐতিহাসিক দেৱী দলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

  •  সৰু বলি — বৰ বলিৰ বাবে সাজু হৈ উঠিছে বলিশাল
  • বলিকটিয়াৰ  বাবে সাজু পুৰুহিত দুদু বৰঠাকুৰ
  • পৰম্পৰা ৰক্ষা কৰি  দৌল্লা আৰু বৰপাত্ৰগোহাঁই পৰিয়াললৈ আগবঢ়াব পূজাৰ নৈবদ্য
  • শিৱসাগৰত মুঠ ১৮ খন দূৰ্গা পূজা                                       

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সময়ছোৱাত প্ৰতিস্থা লাভ কৰা  ঐতিহ্যমণ্ডিত শিৱসাগৰৰ  দেবীদলত এইবাৰো চলিছে সমাগত  দুৰ্গা পূজাৰ ব্যাপক আয়োজন। আহোম ৰাজত্বৰ সময়ৰ পৰাই অৰ্থাত ২৮৯ বছৰ ধৰি শিৱসাগৰৰ  ঐতিহাসিক দেবীদলত দেবী দুৰ্গাৰ  পূজা অৰ্চনা অব্যাহত আছে। আস্থা  বিশ্বাস, ভক্তিৰ আধাৰ স্বৰূপ শিৱসাগৰ দেৱী দলৰ ২৮৯ বছৰীয়া পুৰণি   পূজাত অংশ গ্ৰহণ কৰিবলৈ  শিৱসাগৰলৈ প্ৰতিবছৰে আগমন ঘটে সহস্ৰাধিক ভক্তৰ লগতে দেশী বিদেশী পৰ্যটকৰ। শিৱসাগৰ দ’ল উন্নয়ন‌ পৰিষদৰ উদ্যোগত আয়োজন কৰা এই পূজাত দেবী দ’লত দেবী দুৰ্গাৰ স্থায়ী মূৰ্তিৰ কাষতেই স্থাপন কৰা হয় দেবীৰ মৃণ্ময় মূৰ্তি।

শিৱসাগৰৰ আন আন স্থানৰ দুৰ্গা পূজা মণ্ডপত মৃণ্ময় প্ৰতিমা স্থাপনৰ পূৰ্বেই দেবী দৌলত মৃণ্ময় প্ৰতিমা, স্থাপন কৰা হয়। এই পূজাৰ মাহাত্ম্য অনুসৰি আন‌ পূজা মন্ডপৰ প্ৰতিমা সমূহ দশমীৰ দিনা বিসৰ্জন দিয়াৰ পূৰ্বে দেবী দলৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পুৰণি পৰম্পৰা আজিও চলি আছে। বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনতেই সূদুৰ কনৌজৰ শাক্ত ধৰ্মৰ  নীতি সমূহ পালনৰ বাবে আহিছিল প্ৰখ্যাত বৰঠাকুৰ পৰিয়ালৰ উপৰিপুৰুষ সকল। এই পৰিয়ালৰ লোকসকলে দৌলত যুগ যুগ ধৰি  পূজা অৰ্চনা কৰি আহিছে। তেওঁলোকৰে পৰিয়ালৰ এটা ফৈদে পূজাৰ বাবে ভক্ত সকলে আগবঢ়োৱা “বলি” ৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে “বলিকটিয়া” নামেৰেও বিখ্যাত হৈ পৰিছিল। দেবীৰ পূজা অৰ্চনাৰ সমান্তৰাল ভাৱে বলি বিধানৰ দায়িত্বও এই পুৰণি পৰিয়ালটোৱে সম্পাদন কৰি আহিছে। দূৰ্গা পূজাৰ সপ্তমীৰ দিনা  সৰুবলি আৰু অষ্টমীৰ দিনা বৰবলি দিয়া হয়। এই বলি বিধানৰ বাবে ঐতিহাসিক দেবী দৌলৰ কাষত সাজু কৰি তোলা হৈছে বিশাল বলিশাল।

বিগত বৰ্ষৰ দৰে দেবী দ’লৰ পুৰুহিত দুদু বৰঠাকুৰে এই বলি বিধান কাৰ্য সম্পাদন কৰিব। দেবী দূৰ্গাৰ সন্তোস্তিৰ বাবে ভক্ত সকলে কোমোৰা , হাঁহ আৰু ছাগলী বলি দি আহিছে। ২৮৯ বছৰীয়া এই দেবী পূজাৰ সৈতে আন এক পৰম্পৰা জড়িত হৈ আছে। আহোম যুগত এনে পূজাৰ সময়ত “নেগেৰা” বাদ্য বজোৱাৰ দায়িত্ব পালন কৰিছিল শিৱসাগৰৰ দৌল্লা পৰিয়ালে। এই মুছলমান সম্প্ৰদায়ৰ দৌল্লা পৰিয়ালে সূৰ্দীঘ কাল নেগেৰা বাদ্য বজোৱাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে তাহানিৰে পৰা পূজাৰ অষ্টমীৰ দিনা দৌল্লা পৰিয়াললৈ এটা জীৱন্ত ছাগলী আৰু নৈবেদ্য আগবঢ়োৱাতো এক নিয়ম হৈ আহিছে। তেনেদৰে শিৱসাগৰৰ বৰপাত্ৰগোঁহাই পৰিয়াললৈ নৈবেদ্য আগবঢ়াৱাই অহা হৈছিল। কিন্তু বিগত তিনিটা বছৰ ধৰি এই দুৰ্গা পূজা পৰিচালনা কৰা দ’ল উন্নয়ন‌ পৰিষদে দৌল্লা পৰিয়াললৈ ছাগলী উপহাৰ দিয়া প্ৰথা বন্ধ কৰি কেৱল নৈবেদ্য আগবঢ়াই আহিছে বুলি জানিব পৰা গৈছে।

ইফালে দেৱী দলৰ  এই ২৮৯ বছৰীয়া পূজাৰ উপৰিও নগৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন পূজা সমিতিয়ে মুঠ ১৮ টা স্থানত দুৰ্গা পূজাৰ আয়োজন কৰিছে। এই দুৰ্গা পূজা শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ ভাৱে পৰিচালনা কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কেতবোৰ নিৰ্দেশনা আৰু ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শেহতীয়া ৰাজহুৱা কৰা এচ অ পিৰ অধীনতেই চহৰ খনত পূজা অনুস্থিত কৰা হব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বিগত তিনিটা সপ্তাহ ধৰি প্ৰতিখন আয়োজক সমিতিয়ে দিনে নিশাই অব্যাহত ৰাখিছে আটক ধুনীয়া মণ্ডপ নিৰ্মাণৰ কাম ৷ একে সময়তে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও এচ অ পিৰ সন্দৰ্ভদ কোনো ক্ষেত্ৰতেই কোনো আয়োজক সমিতিৰ তৰফৰ পৰা আপোচ কৰা নহব বুলি স্পষ্ট কৰি দিছে আৰক্ষীৰ শীৰ্ষ সূত্ৰই ৷

You might also like