ডিগবৈ মহিলা মহাবিদ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ডিগবৈ মহিলা মহাবিদ্যালয়ৰ এন. চি. চি গোট, আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সৌজন্যত আজি এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। ডিগবৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত ৰক্ত দান শিবিৰত মহাবিদ্যালয়ৰ অধ্যক্ষা ড° সঞ্জিতা চেতিয়াৰ আদৰণী ভাষণেৰে ৰক্তদান শিবিৰৰ শুভাৰম্ভ কৰা হয় । ৰক্তদানৰ জৰিয়তে জীৱন দানৰ মহত্বৰ কথা উল্লেখ কৰি ছাত্ৰীসকলক ৰক্তদান কৰিবৰ বাবে অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় অধ্যক্ষা গৰাকীয়ে। ৰক্তদান শিবিৰত মহাবিদ্যালয়ৰ ছাত্ৰী, শিক্ষয়িত্ৰীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ ডিগবৈ আঞ্চলিক শাখাৰ বিষয়- ববীয়া সকলে ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে । শিবিৰত প্ৰায অৰ্ধ শতাধিক ব্যক্তিয়ে স্ব- ইচ্ছাৰে ৰক্তদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° পংকজ লোচন গগৈ, এন. চি.চি গোটৰ সমন্বয়ক নীতামণি বৰদলৈ, স্বাস্থ্য সেৱা কেন্দ্ৰৰ সমন্বয়ক ডাঃ পুতুল বৰাৰ লগতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ ৰক্তদান কেন্দ্ৰৰ পাঁচ গৰাকী কৰ্মকৰ্তা উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে।
ৰমনি বুঢ়াগোহাঁই,