নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ডিমা হাছাওত সংহত দক্ষতা বিকাশ কেন্দ্ৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশেৰে নিয়োগৰ সুবিধা সৃষ্টিৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিমা হাছাও জিলাৰ দিয়ুংব্ৰাৰ আৰদাত সংহত দক্ষতা বিকাশ কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ডি এইচ ডি [দুয়োটা গোট]ৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি বিশেষ অৰ্থনৈতিক পেকেজৰ অধীনত এই দক্ষতা বিকাশ কেন্দ্ৰটো স্থাপন কৰা হৈছে৷

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ড’নাৰ মন্ত্ৰণালয়ৰ ৩৬.৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই দক্ষতা বিকাশ কেন্দ্ৰই জিলাখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷ মহান বীৰ সম্বুধন ফংল’ৰৰ নামেৰে এই প্ৰতিষ্ঠানৰ নামকৰণ কৰি প্ৰকৃতসন্মান প্ৰদৰ্শন কৰা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি শক্তিশালীভাৱে আগুৱাই গৈছে৷ এসময়ত ভাৰতক শাসন কৰা বৃটেইনক অতিক্ৰম কৰি দেশে আজি বিশ্ব অৰ্থনীতিত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ নতুন নতুন উদ্যোগ, কল-কাৰখানা স্থাপনৰ ফলত দক্ষ লোকৰ চাহিদা যথেষ্ঠ বৃদ্ধি পাইছে৷ এই চাহিদা পূৰণৰ বাবে চৰকাৰে দক্ষতা বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ তেওঁ কয় যে অসম চৰকাৰে টাটা টেকনলজিছৰ সৈতে বুজাবুজিৰ চুক্তি কৰিছে ৷ ডিমা হাছাওত এক হাজাৰ মেগাৱাট সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবেও দক্ষ যুৱক-যুৱতীৰ প্ৰয়োজন হ’ব৷ আজি ডিমা হাছাও জিলাৰ দ্ৰুত উন্নয়ন হৈছে৷ জিলাখনৰ যুৱক-যুৱতীসকলে দক্ষতাৰে ৰাজ্যৰ বাহিৰত কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

আজিৰ এই অনুষ্ঠানত শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ হৰেণ সিং বে’, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাছা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like