নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ বোৱাৰী হ’ব অনুপ চেতিয়াৰ দুহিতা বন্যা বৰুৱা

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ বাংলাদেশৰ বোৱাৰী হ’ব আলফাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ দুহিতা বন্যা বৰুৱা৷ পিতৃ অনুপ চেতিয়া তেতিয়া বাংলাদেশত কাৰাৰুদ্ধ৷ বন্যা আছিল ঢ়াকাৰ ধানমণ্ডিস্থিত মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলৰ ছাত্রী৷ সেই সময়তে পৰিচয় হয় পূর্বে কুমিল্লা জিলা আৰু পিছলৈ ধানমণ্ডিৰ বাসিন্দা হোৱা এটা পৰিয়ালৰ সন্তান অনির্বাণ চৌধুৰীৰ সৈতে৷ এই পৰিচয় ক্রমশঃ প্রেমলৈ পৰিৱর্তন হয় আৰু তাৰ সূত্র ধৰিয়েই দুয়োটা পৰিয়ালে স্থিৰ কৰিছে বন্যা–নির্বাণৰ বিবাহ৷ অৱশ্যে অনির্বাণ সম্প্রতি কর্মসূত্রে অষ্ট্রেলিয়াৰ মেলব’নৰ বাসিন্দা৷ ইতিমধ্যে কন্যাৰ বিবাহৰ প্রতি লক্ষ্য ৰাখি অনুপ চেতিয়াৰ গৃহভূমি জেৰাই গাঁৱত ন–পুৰুষৰ সকামৰ বাবে ভোজভাত খুওৱালৈকে সামাজিক ৰীতি–নীতিবোৰ সম্পন্ন কৰা হৈছে৷ যোৱা ৩০ ছেপ্ঢেম্বৰত অনুষ্ঠিত কৰা হৈছিল পৰম্পৰাগত ন–পুৰুষৰ সকাম৷ ইয়াৰ পিছদিনা পানী তোলা আৰু ২ অক্টোবৰত ৰাইজক মাছে–মঙহেৰে এসাঁজ খুওৱা হয়৷ এনেদৰে গাঁৱৰ আনুষ্ঠানিকতা সম্পন্ন হ’লেও মূল বিয়াখন ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি সম্প্রতি আলোচনাপন্থী গোটত অৱস্থান কৰা আলফাৰ শীর্ষ নেতা তথা পিতৃ অনুপ চেতিয়াই কয় যে সেই দিনা মেলব’নৰ ইস্কন মন্দিৰত মূল বিয়াখন সম্পন্ন হ’ব৷

লক্ষণীয়ভাৱে অনুপ চেতিয়াৰ কন্যা বন্যা আৰু অনির্বাণৰ বিয়াৰ খবৰে ইতিমধ্যে ব্যাপক চর্চা লাভ কৰিছে৷ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়াৰ সময়তে বন্যা–নির্বাণৰ মাজত পৰিচয় আৰু পিছলৈ দুয়োৰে মাজত গঢ়ি উঠা সম্পর্কৰ স্বীকৃতিকল্পে এই বিবাহত মত দিয়া বুলি উল্লেখ কৰি এক বাংলাদেশী সংবাদ মাধ্যমক অনুপ চেতিয়াই কয়– মই দীর্ঘ ২৮ বছৰ কাল বাংলাদেশত কটাইছিলোঁ৷ বাংলাদেশৰ মানুহৰ আতিথ্য আৰু মৰম পাইছোঁ৷ সেই বাবে বাংলাদেশৰ জনসাধাৰণৰ প্রতি কিছু হ’লেও দুর্বলতা আছে৷ সেয়াও এই বিয়াত সন্মত হোৱাৰ এটা অন্যতম কাৰণ৷ উল্লেখ্য যে ঢ়াকাৰ মহম্মদপুৰ অঞ্চলত আত্মগোপন কৰি থকাৰ সময়তে ১৯৯৭ চনৰ ২১ ডিচেম্বৰত বাংলাদেশ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল অনুপ চেতিয়াক৷

অবৈধভাৱে বাংলাদেশত প্রৱেশ তথা বসবাস কৰা, বিদেশী মুদ্রা লগত ৰখাকে ধৰি তিনিটা গোচৰত গ্রেপ্তাৰ কৰা আলফাৰ শীর্ষ নেতাজনক এটা গোচৰত তিনি বছৰ, এটাত চাৰি বছৰ আৰু আনটো গোচৰত সাত বছৰৰ সশ্রম কাৰাদণ্ড বিহা হয়৷ এই কাৰাদণ্ডৰ ম্যাদ উকলি যোৱাৰ পাছতো অনুপ চেতিয়াৰ প্রত্যর্পণক লৈ জটিলতাৰ সৃষ্টি হৈছিল৷ আনকি বিষয়টো গৈ পাইছিল ৰাষ্ট্রসংঘৰ মজিয়াপর্যন্ত৷ যি কি নহওক, অৱশেষত জটিলতাৰ শাম কাটে আৰু ২০১৫ চনৰ ১২ নৱেম্বৰত কাশিমপুৰ কাৰাগাৰৰ পৰা তেওঁক ভাৰতৰ হাতত গতাই দিয়া হয়৷ পৰৱর্তী সময়ত তেওঁ আলফাৰ আলোচনাপন্থী গোটৰে চামিল হয়৷ কিন্তু এতিয়া অনুপ চেতিয়াৰ কন্যাৰ বাংলাদেশী যুৱকৰ সৈতে বিয়াৰ খবৰে মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like