নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ বতৰত অভিলেখসংখ্যক বিক্রী: ভাৰতত অনলাইনত বিক্রী ৫.৭ বিলিয়ন মার্কিন ডলাৰ

প্রতি ঘণ্টাত বিক্রী হ’ল ৫৬ হাজাৰ ম’বাইল ফোন

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ  উৎসৱৰ বতৰ মানেই পৰোক্ষভাৱে ব্যৱসায়ৰ বতৰ৷ ব্যৱসায়িক প্রতিষ্ঠানসমূহে উৎসৱৰ বতৰত নতুন নতুন সামগ্রী বজাৰলৈ উলিয়াই দি বৃহৎ ব্যৱসায়ৰ কৌশল ৰচে৷ বজাৰলৈ গ্রাহকক আকর্ষণ কৰাৰ বাবে কোম্পানীসমূহে বিভিন্ন কৌশল অৱলম্বন কৰি ৰেহাইকে ধৰি বিভিন্ন সুবিধা দি বিজ্ঞাপন প্রচাৰ কৰে৷ এই প্রচাৰৰ কৌশলত গ্রাহকসকলে বজাৰলৈ ঢ়াপলি মেলে যদিও সম্প্রতি ডিজিটেল যুগত গ্রাহকৰ বজাৰত ভিৰ কৰি সামগ্রী ক্রয়ত মনলৈ অনীহা নমাই আনিছে অনলাইনে৷ অনলাইনে বজাৰত পোৱা সামগ্রীসমূহৰ মূল্যতকৈ কিছু হ্রাস কৰাৰ পৰিপ্রেক্ষিতত ঘৰতে বহি বজাৰ কৰাৰ সুবিধা লৈছে গ্রাহকে৷ সময়ৰ পৰিৱর্তনত মুকলি বজাৰৰ চাহিদাক হ্রাস কৰি অনলাইনৰ বজাৰখনক গ্রাহকে প্রাধান্য দিবলৈ লৈছে৷ এইবেলি পূজাৰ বতৰত সেয়াই প্রতিফলিত হৈছে৷ বজাৰলৈ ঢাপলি নেমেলি গ্রাহকে নিজৰ পছন্দৰ বস্তু অনলাইনত হোৰাহোৰে ক্রয় কৰিছে৷ এইবেলি প্রত্যক্ষ বজাৰত বিশেষকৈ সাজ–পোছাকৰ পৰা ফেশ্বনলৈকে সামগ্রী পৰোক্ষ বজাৰ অনলাইনত অধিক বিক্রী হৈছে৷

বিগত বর্ষসমূহৰ সকলো অভিলেখ ভংগ কৰি এইবেলি শাৰদীয় দুর্গোৎসৱৰ প্রাকমুহূর্ততে অনলাইনত ৫.৭ বিলিয়ন মার্কিন ডলাৰ (৪০ হাজাৰ কোটি টকা)ৰ সামগ্রী বিক্রী হৈছে৷ ২২ ছেপ্ঢেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈকে অনলাইনত ২৭ শতাংশ বিক্রী বৃদ্ধি পাইছে৷ এই বিক্রীত সর্বাধিক লাভান্বিত হৈছে ম’বাইল ফোনৰ কোম্পানী৷ অনলাইন আৰু অফ লাইন ব্যৱসায়ত সকলো সামগ্রীৰ ভিতৰত ম’বাইল ফোন ৪১ শতাংশ বিক্রী হৈছে৷ অর্থাৎ প্রতি ঘণ্টাত প্রায় ৫৬ হাজাৰ ম’বাইল ফোন বিক্রী হৈছে৷ বজাৰ গৱেষণা কোম্পানী ৰেডচীৰ ষ্ট্রেটেজী কনচালটেন্সৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ উৎসৱৰ সময়ত অর্থাৎ ২২ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্ঢেম্বৰলৈ অনলাইনযোগে বিক্রীত ৭৫–৮০ নিযুত দোকানীয়ে দেশজুৰি সামগ্রী যোগান ধৰিছে৷ প্রথম সপ্তাহত ২৪ শতাংশ ব্যৱসায় বৃদ্ধি পোৱাৰ বিপৰীতে দ্বিতীয় সপ্তাহত টায়াৰ টু আৰু মহানগৰত ৬৫ শতাংশ ব্যৱসায় বৃদ্ধি হৈছে৷

আনপিনে, অনলাইনৰ ব্যৱসায়ত ফ্লিপকার্ট গ্রুপ (ফ্লিপকার্ট, মিনট্রা আৰু ছপচি)ৰ বজাৰৰ মুঠ ব্যৱসায়ৰ ৬২ শতাংশ৷ মিছ’ই ২১ শতাংশেৰে দ্বিতীয় স্থানত আছে৷ ফেশ্বন সামগ্রীৰ বজাৰখনে মুঠ বিক্রীত ২০ শতাংশ অৰিহণা যোগাইছে৷ ই হৈছে বর্ষটোৰ ভিতৰত উৎসৱৰ বতৰত ৪৮ শতাংশ ব্যৱসায় বৃদ্ধি৷ লক্ষণীয় যে মাংগালুৰুস্থিত বজাৰ গৱেষণা কোম্পানীটোৱে প্রকাশ কৰা মতে দেশত অনলাইনতে দেৱালীলৈকে মুঠ ব্যৱসায় ১১.৮ মিলিয়ন হ’ব বুলি আশা প্রকাশ কৰিছে৷

You might also like