নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপত প্রথমবাৰ হিন্দীত গীত গাব ভাৰতীয় তাৰকাই

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ জেনিফাৰ লোপেজ, ছাকিৰাৰ পাছত এইবাৰ ফিফা বিশ্বকাপত গান গাব ন’ৰা ফাটেহীয়ে৷ প্রথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত কোনো ভাৰতীয় তাৰকাই গীত গাব৷ ভাৰতীয় তাৰকা হিচাপে ন’ৰাই ফিফা বিশ্বকাপ ২০২২ত থীম ছঙৰ ভিডি’ আপলোড কৰিব৷ ভাৰত আৰু দক্ষিণ–পূব এছিয়াক প্রতিনিধিত্ব কৰিব ন’ৰাই৷ তাত তেওঁ একেলগে গান গোৱা আৰু নৃত্য পৰিৱেশন কৰা দেখা যাব৷ ইমানদিনে ফিফাৰ সংগীত প্রযোজনা কৰি অহা ২২ ৰেড ৱান সংস্থাই এইবাৰ ন’ৰাৰ দায়িত্ব গ্রহণ কৰিছে৷ পেছাদাৰী জীৱনত মাইলষ্ট’ন গঢ়িবলৈ আগবাঢ়িছে অভিনেত্রীগৰাকীয়ে৷ নিউয়র্কৰ অভিনেত্রী–গায়িকা জেনিফাৰ, কলম্বিয়া তাৰকা ছাকিৰাৰ সৈতে একেশাৰীতে থিয় দিছে ন’ৰাই৷ ইয়াৰ লগে লগে বিশ্ব দৰবাৰত পুনৰবাৰ উজ্জ্বল হৈ পৰিল ভাৰতৰ নাম৷ কানাডাৰ অভিনেত্রী–নৃত্যশিল্পীগৰাকী বহু বছৰ ধৰি ভাৰততে আছে৷ বলীউডত নিজৰ স্থান সুৰক্ষিত কৰিব বিচৰা ন’ৰাক বিভিন্ন ৰিয়েলিটী শ্ব’ত প্রতিযোগী হিচাপে দেখা গৈছে৷ কর্মস্থান যিহেতু ভাৰত, সেইবাবে ন’ৰাক ভাৰতৰ তাৰকাসকলৰ ভিতৰতে ধৰা হয়৷ সম্প্রতি ‘ঝলক দিখ লা যা ১০’ত জনপ্রিয় সঞ্চালক ন’ৰা৷ তদুপৰি অজয় দেৱগন, সিদ্ধার্থ মালহোট্টা অভিনীত ‘থেংক গড’ ছবিতো বাৰবনিতাৰ চৰিত্রতো দেখা যাব অভিনেত্রীগৰাকীক৷

You might also like