নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আই এছ এল: উদ্বোধনী মেচত কেৰালা–ইষ্ট বেংগল

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ হ’ব নৱম হিৰো ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)৷ আজি কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগীয়া প্রতিযোগিতাৰ উদ্বোধনী মেচত ঘৰুৱা দল কেৰালা ব্লাষ্টার্ছ এফচিয়ে কলকাতাৰ ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে খেলিব৷ ইয়াৰ পূর্বে উভয় দল চাৰিবাৰ মুখামুখি হৈছিল আৰু প্রথম তিনিখন মেচ ড্র হোৱাৰ পাছত অন্তিম খেলত কেৰালা বিজয়ী হৈছিল৷

উল্লেখ্য যে কেৰালা ব্লাষ্টার্ছে আই এছ এলত যোৱা ৮ বছৰত তিনিবাৰ ফাইনেল খেলাৰ পাছতো চেম্পিয়ন হ’ব পৰা নাই৷ ইপিনে, ইষ্ট বেংগলৰ দুবছৰীয়া যাত্রা মুঠেও সুখকৰ নহয়৷ ২০২০–২১ ছিজনত দলটো পইণ্ট তালিকাৰ নৱম স্থানত থকাৰ পাছত যোৱা বছৰ অন্তিম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷

You might also like