নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ বনগাঁৱত বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ আজি ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পাৱৈ বনগাঁৱত ৰহস্যজনকভাবে মৃত্যু অৱস্থাত উদ্ধাৰ হয় এটা বন্যহস্তী। খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বন্যহস্তীৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্য। পাৱৈ বনগাওঁ অঞ্চলৰ এগৰাকী লোকৰ ব্যক্তিগত চাহ বাগিচাৰ নলাত পৰি থকাৰ অৱস্থাত পুৱা বন্যহস্তীটো প্ৰত্যক্ষ কৰাৰ হয়। স্থানীয় দল সংগঠনৰ মতে এফুট দ নলাটোত পৰি বন্যহস্তীটো মৃত্যুৰ কেতিয়াও হ’ব নোৱাৰে। অন্য বেলেগ কাৰণতহে বন্যহস্তীটো মৃত্যুৰ মূখত পৰিছে। স্থানীয় লোকৰ সন্দেহ অনুসৰি বৈদ্যুতিক চৰ্ট নাইবা চাহ বাগিচাত স্প্ৰে কৰা বিষাক্ত কীটনাশক দ্ৰব্য সেৱন কৰা ফলতহে বন্যহস্তীটো মৃত্যু হৈছে। অৱশ্যে কি কাৰণত বন্যহস্তীটোৰ মৃত্যুৰ হল সেইয়া বন বিভাগৰ মৰোনোত্তৰ পৰীক্ষা পিছতহে পোহৰলৈ আহিব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। অন্যহাতে স্থানীয় সংৰক্ষিত বনাঞ্চলসমূহ বন ধ্বংস কৰাৰ ফলত সংকুচিত হৈ পৰিছে। ফলত খাদ্য সংকটৰ পৰিছে জীৱকুল। খাদ্যৰ সন্ধানত জনাঞ্চলত আহি বন্যহস্তীৰ মৃত্যুৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক চিন্তিত কৰি তুলিছে। কমিছনৰ অংকট ব্যস্ত থকা ডিগবৈ বনসংমণ্ডলৰ প্ৰাধিকাৰীজনক তৎক্ষণাত বদলিৰো দাবী জনাইছে প্ৰকৃতিপ্ৰেমীয়ে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like