নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত দুটাকৈ গভাইত চোৰ কৰায়ত্ত আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ধুবুৰী আৰক্ষীৰ জালত পৰা দুটাকৈ গভাইত চোৰৰ পৰা কেইবা লক্ষাধিক টকাৰ আ–অলংকাৰ আৰু বয়বস্তু উদ্ধাৰ হোৱাৰ বুলি পোহৰলৈ আহিছে। জানিব পৰা মতে, যোৱা ৪ অক্টোবৰত ধুবুৰীৰ ৰেল আস্থানৰ সমীপৰ এগৰাকী অধিবক্তাৰ ঘৰত এক চুৰিকাণ্ড সংঘটিত হৈছিল। সেই অধিবক্তাগৰাকীৰ এজাহাৰ মৰ্মে সেই ঘটনাটোৰ তদন্ত চলাই যোৱানিশা সেই অঞ্চলৰ পৰাই দুটাকৈ গভাইত চোৰ কৰায়ত্ত কৰে আৰক্ষীয়ে। অভিজিত পয়েৰী ওৰফে বুবুল ( ৩৬) আৰু ৰাজেশ প্ৰসাদ ওৰফে মনাই (৩৮) নামৰ সেই যুৱকদ্বয়ৰ গৃহৰ পৰা অধিবক্তাগৰাকীৰ গৃহৰ পৰা চুৰি কৰা সামগ্ৰীৰ উপৰি অধিক সামগ্ৰী উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চোৰ দুটাই অইন কেইবাটাও চুৰিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like