নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্মী পূজাৰ আগদিনা নেৰানেপেৰা বৰষুণত জলমগ্ন বাসুগাঁৱৰ বাট-পথ

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ আজি পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন বিপয্যস্ত হৈ পৰিছে। লক্ষ্মী পূজাৰ বজাৰ-সমাৰৰ ক্ষেত্ৰত ব্যৱসায়ী-গ্ৰাহক সকলোৰে চৰম অসুবিধাৰ সৃষ্টি হৈছে। বিশেষকৈ বাসুগাঁও চহৰৰ মাজমজিয়াৰে অভাৰব্ৰিজৰ কাম চলি থকাত মূল চহৰখনৰ লগতে বাসুগাঁও চহৰৰ সতে সংযোগী প্ৰায় প্ৰতিটো বাট-পথ জৰাজীৰ্ণ হৈ পৰাত অঞ্চলবাসী চৰম অসুবিধাত পৰিছে। বাসুগাঁও চহৰৰ বিশেষকৈ থানাৰ সম্মুখভাগ, ৰেলগেটৰ দক্ষিণপাৰ আৰু দৈনিক বজাৰ এলেকাত বোকা-পানীৰে একাকাৰ হৈ পৰিছে। ইফালে বাসুগাঁও চহৰৰ পৰা কাশীকোত্ৰালৈ প্ৰায় আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাত যান-বাহন চলাচল কৰাত চৰম অসুবিধা হৈছে। বাসুগাঁৱৰ পৰা ছালাকাটি হৈ কোকৰাঝাৰলৈ যোৱা পথছোৱা দীৰ্ঘদিনৰ পৰা মেৰামতিৰ কাম কোনো এক অঞ্জাত কাৰণত শামুকীয়া গতিৰে চলি আছে। কেতিয়া অন্ত পৰিব সেয়া জনসাধাৰণ জ্ঞাত নহয়। মুঠৰ ওপৰত বাসুগাঁওবাসী জনসাধাৰণৰ বাট-পথ সমস্যাৰ কেতিয়া অন্ত পৰিব সেয়া আশাৰে বাট চাই আছে ইয়াৰ জনসাধাৰণ ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like