কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেক মুকলি সমৰ্থন সাংসদ আব্দুল খালেকৰ
দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলীক লৈ ধুবুৰীত সংবাদমেল খালেকৰ
নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতি পদৰ নিৰ্বাচনত দলটোৰ ৰাষ্ট্ৰীয় নেতা মল্লিকাৰ্জুন খাৰ্গেক মুকলিকৈ সমৰ্থন জনালে বৰপেটাৰ সাংসদ আব্দুল খালেকে। যোৱানিশা আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা ৱাজেদ আলীক কাষত বহুৱাই ধুবুৰীৰ আৱৰ্ত ভৱনত সাংবাদিকৰ সন্মুখত এয়াই দাবী কৰা পোৱা যায় সাংসদগৰাকীয়ে। দলীয় নিয়ম মানি ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰৰ পদৰ পৰা অব্যাহত লৈ মল্লিকাৰ্জুন খাৰ্গেৰ নিৰ্বাচনী প্ৰচাৰৰ সৈতে জড়িত হোৱা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে, ‘‘কংগ্ৰেছৰ সভাপতি পদৰ বাবে, সকলোকে লৈ, একগোট হৈ, সকলোৰে লগত কথাপাতি দলটোক আগুৱাই নিয়াৰ বাবে এই মূহুৰ্তত খাৰ্গে ডাঙৰীয়াক আটাইতকৈ উপযুক্ত প্ৰাৰ্থী বুলি ভাৱোঁ আৰু যাৰ কাৰণে তেখেতলৈ মই মোৰ মুকলি সমৰ্থন আগবঢ়াইছোঁ।’’
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দেশজুৰি থকা প্ৰদেশ কংগ্ৰেছৰ প্ৰায় ৯ হাজাৰ সদস্যৰ ৯০ শতাংশৰ অধিকে মল্লিকাৰ্জুন খাৰ্গেক সভাপতি পদৰ বাবে সমৰ্থন কৰিব বুলি বিশ্বাস কৰে বুলিও মন্তব্য কৰে আব্দুল খালেকে। সাংবাদিকৰ বিসম্বাদ সন্দৰ্ভীয় এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ আটাইতকৈ গণতান্ত্ৰিক দল বুলি দাবী কৰে বৰপেটাৰ সাংসদগৰাকীয়ে। তেওঁ কয় যে, ‘‘দল যেতিয়া শক্তিশালী হৈ থাকে তেতিয়া বিসম্বাদ হয়। আজি দুৰ্বল দলত কোনো বিসম্বাদ নাথাকে। গতিকে মতান্তৰ থাকিব পাৰে; বিভিন্ন মত থাকিব পাৰে। আমাৰ দল হৈছে আটাইতকৈ গণতান্ত্ৰিক দল আৰু গণতান্ত্ৰিক দল হোৱা বাবেই সভাপতি পদৰ বাবে নিৰ্বাচন হৈ আছে।’’
লগতে বিজেপিক কটাক্ষ কৰি তেওঁৰ মন্তব্য, ‘‘বিজেপিত আপোনালোকে শুনিছে নেকি যে দলৰ সভাপতিৰ নিৰ্বাচন হয় বা অন্যান্য দলৰ শুনিছে নেকি সভাপতিৰ নিৰ্বাচন হয়।’’ আনহাতে সাংবাদিকৰ এক প্ৰশ্নত সমাগত লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিশ্চিত ভাৱে প্ৰাৰ্থীত্ব বিচাৰিব বুলি জনায় দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৱাজেদ আলীয়ে। আলীৰ দাবী, ‘‘হাই কমাণ্ডে প্ৰাৰ্থীত্ব দিলে মই নিৰ্বাচন খেলিম। কিন্তু এইবাৰ আজমল হৰাটো নিশ্চিত।’’
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী