নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ ‘কৃষক বন্ধু’ উন্মোচন

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ খানাপাৰা খেলপথাৰত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ কার্যকর্তা সন্মিলনত উন্মোচন কৰা হ’ল অসম ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ এবছৰীয়া কামৰ খতিয়ান সম্বলিত “কৃষক বন্ধু” নামেৰে এখন আলোচনী। বিগত সময়চোৱাত অসম ৰাজ্যিক বিজেপি কৃষক মৰ্চাৰ কার্যকর্তাসকলৰ প্ৰচেষ্টাত গাঁৱৰ কৃষক সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সেৱা কৰাৰ পৰা আৰম্ভ কৰি কৃষি পথাৰত গৈ কৃষকৰ বিভিন্ন সমস্যা অভাৱ অভিযোগৰ বুজ লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ লাভৰ ক্ষেত্ৰত কৃষক সকলক সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, প্রকৃত কৃষকে যাতে চৰকাৰৰ আঁচনিৰ উচিত সুবিধা লাভ কৰিব পাৰে তাৰ বাবে কৃষক মৰ্চাৰ কার্যকর্তা সকলে কৰা কষ্ট, গাঁৱে গাঁৱে গৈ সজাগতা সৃষ্টি কৰা আদি বিষয়সমূহ সামৰি লোৱা হৈছে এই আলোচনীখনত। আনহাতে সময়বায় ভিত্তিত খেতি কৰি অধিক উপাৰ্জন কৰা, উন্নত মানৰ বীজ যোগানেৰে অধিক উৎপাদন কৰাকে ধৰি বিভিন্ন দিশত ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়েও উল্লেখ কৰা হৈছে।

বিগত এটা বছৰৰ কৃষক মৰ্চাৰ কামৰ খতিয়ান সন্দৰ্ভত সম্পাদনা কৰি প্ৰস্তুত কৰা আলোচনী খনৰ ৬ জনীয়া সম্পাদনা সমিতি হিচাপে উক্ত আলোচনীখনৰ সম্পাদকীয় কলমৰ আঁত ধৰে কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যই। উক্ত আলোচনীখন উন্মোচন কৰে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই অনুষ্ঠানটোত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰা, কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য আদি প্ৰমুখ্যে বহু কার্যকর্তা।

You might also like