নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহিনমহীয়া বানত বুৰিল ধলপুৰৰ ফুটাভোগ-ৰঙাজান

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ লখিমপুৰৰ পশ্চিম প্ৰান্তৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কিছুদিনৰ পৰা হোৱা বৃষ্টিপাতৰ ফলত ধলপুৰ মৌজা আৰু গহপুৰ মহকুমাৰ পাহাৰীয়া নদী কাষৰীয়া বহুকেইখন গাঁও বানে প্লাৱিত কৰি তুলিছে ৷ দুৰ্গাপূজাৰ পিছৰে পৰা ৰাতি ৰাতি অবিৰত বৰষুণ দিয়াৰ ফলত পাহাৰীয়া নদ-নদী সমূহ ফেনেফুটুকাৰে ওফন্দি উঠি নদী কাষৰীয়া গাঁওসমূহত বান সৃষ্টি কৰিছে ৷ পথৰ ওপৰত একঁকাল-একাঁঠু পানীত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ বিশেষকৈ ধলপুৰ মৌজাৰ ফুটাভোগ, ৰঙাজান, ২নং খলিহামাৰী, ৰঙাজান মিচিং গাঁও, ৰঙাজান ডফলা গাঁও, ৰজাবাৰী আদি গাঁও জলমগ্ন কৰি তুলিছে ৷ বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ সম্প্ৰতি বানৰ বুৰি আছে ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like