বিশেষ বাৰ্তা, ১৫অক্টোবৰঃ ডিব্ৰুগড়ৰ মাইজানত হোৱা ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াই ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ প্ৰবল ভাবুকি কৰিয়াই আনিছে। জলসম্পদ বিভাগে দিনে-নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে বিগত ছয়দিন দিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও গৰাখহনীয়া স্তিমিত নোহোৱাত বিষয়টো অতিশয় স্পৰ্শকাতৰ হৈ পৰিছে। আজি সামগ্ৰিক পৰিস্থিতি অধ্যয়নৰ বাবে ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকনসহ ভালেসংখ্যক দলীয় সতীৰ্থ লগত পৰিদৰ্শন কৰে। ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই ডিব্ৰুগড় মাইজানত ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ প্ৰায় ২০০ মিটাৰ পৰ্যন্ত উটুৱাই নিয়াৰ পাছত তীব্ৰ আতংকৰ মাজত দিন কটাব লগা হৈছে ডিব্ৰুগড় বাসীয়ে।কিন্তু তেনে সময়তে জলসম্পদ বিভাগে মঠাউৰী খান্দি মঠাউৰী নিৰ্মাণ কৰা কাৰ্যই সকলোৱে চকু কপালত তুলিছিল।ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াই প্ৰায় দুশ মিটাৰ সুৰক্ষা বান্ধটো খহনীয়াত জাহ যোৱাৰ পাছত ডিব্ৰুগড়ক সুৰক্ষা দিয়া চেষ্টা কৰিছে যদিও অব্যাহত আছে খহনীয়া।পুৰণি মথাউৰীটোৰ একাংশ খান্দিয়েই মথাউৰী নিৰ্মাণৰ আজৱ কাণ্ডৰে সকলোৰে চকু কপালত তুলিছে।বুঢ়া লুইতক এনেদৰে ভেটাৰ চেষ্টা কৰা কাৰ্য প্ৰত্যক্ষ কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণতি ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ইতিমধ্যে ডিব্ৰুগড় সুৰক্ষা বান্ধৰ মাইজানত প্ৰায় দুশ মিটাৰ উটোৱাই লৈ যোৱাৰ পাছত জলসম্পদ বিভাগে তৎপৰতাৰে সুৰক্ষা বান্ধৰ কাষতে আন এটা বান্ধ অস্হায়ী ভাৱে নিৰ্মাণ কৰে যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ সফল হব পৰা নাই।ইতিমধ্যে মাইজান নগাঘুলিৰ ছয়টা পৰিয়ালৰ বাসগৃহ নদীৰ খহনীয়াত জাহ যোৱাৰ লগতে আন চল্লিশটা পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ উপক্ৰম হৈছে।যাৰফলত প্ৰাণৰ মমতাত ইতিমধ্যে পৰিয়াল সমুহে নিজৰ বাসগৃহ এৰি মঠাউৰী তথা ৰিঙবান্ধৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিব লগা পৰিস্থিতি সৃষ্টি হোৱাত প্ৰণতি ফুকনে আক্ষেপ প্ৰকাশ কৰে।বিশেষকৈ যদিহে ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হয়,তেন্তে যিকোনো মুহূৰ্ততে নৈ পৰীয়া অঞ্চলটোত খহনীয়াত ঘৰ-বাৰি জাহ যোৱাৰ আশংকাত এতিয়া পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে।আনহাতে পুৰণি মথাউৰীটোকে এক্সেভেটৰৰ জৰিয়তে খান্দি জিঅবেগত ভৰাই ব্ৰহ্মপুত্ৰক ভেটা দিয়াৰ আজৱ প্ৰচেষ্টা সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে এয়া আভুৱা ভৰা কাৰ্য বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
প্ৰেৰক বিভাস দুৱৰা