উচ্চ ন্যায়ালয়ৰ ৰায়ে অন্ত পেলাব আঠখেলীয়া নামঘৰৰ দীৰ্ঘদিনীয়া বিতৰ্ক; কৰ্ণধাৰ সমিতি-পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ মৌখিক আলোচনা
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনাক লৈ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত থকা সংঘাতৰ বিতৰ্ক বৰ্তমানেও অব্যাহত আছে। ইয়াৰ মাজতে আজি দুয়োপক্ষৰ মাজত হোৱা এক মৌখিক আলোচনাত উচ্চ ন্যায়ালয়ৰ ৰায়কে দুয়োখন সমিতিয়ে মানি ল’ব বুলি এক ইতিবাচক বাৰ্তা দিছে। কিয়নো উচ্চ ন্যায়ালয়ৰ ৰায়ক দুয়োপক্ষই শান্তিপূৰ্ণ আৰু সন্মান সহকাৰে মানি ল’লে নামঘৰৰ পৰিচালনাক লৈ অব্যাহত থকা দীৰ্ঘদিনীয়া বিতৰ্কৰ সম্পূৰ্ণৰূপে অন্ত পৰিব। উল্লেখ্য যে আজি পুৱাতে কাৰ্যালয়ত সোমোৱাৰ উদ্দেশ্যে নামঘৰত উপস্থিত হয় নৱ গঠিত পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। একে সময়তে কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া সকলো নামঘৰত উপস্থিত হয়। নামঘৰত প্ৰথমে দুয়োখন সমিতিৰ বিষয়ববীয়া সকল শান্তিপূৰ্ণভাৱে এক মৌখিক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত কৰ্ণধাৰ সমিতিয়ে পৰিচালনা সমিতিক আজি কাৰ্যালয়ত নোসোমাবলৈ ৰাজহুৱাভাৱে আহ্বান জনোৱাৰ লগতে ২১ অক্টোবৰত উচ্চ ন্যায়লয়ে নামঘৰ পৰিচালনাৰ সন্দভৰ্ত যি ৰায় দিব সেই ৰায়কে মানি ল’ব বুলি প্ৰকাশ কৰে।
ইফালে পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলেও কৰ্ণধাৰ সমিতিৰ এই আহ্বানক সন্মান জনাই ২১ অক্টোবৰলৈ অপেক্ষা কৰিব বুলি সিদ্ধান্ত লয়। উল্লেখ্য যে ৯ ছেপ্তেম্বৰত এখন সাধাৰণ সভাৰ জৰিয়তে আঠখেলীয়া নামঘৰৰ এখন নতুন পৰিচালনা সমিতি গঠন হৈছিল। ১৯ ছেপ্তেম্বৰত উক্ত নৱ গঠিত সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহিছিল যদিও নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে নৱগঠিত পৰিচালনা সমিতিক অবৈধ আখ্যা দি তলা লগাই প্ৰবেশত বাধা প্ৰদান কৰিছিল। উক্ত ঘটনাৰ পিছতে ৰাজ্যজুৰি জনসাধাৰণৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশ্যে আজি দুয়োপক্ষৰ শান্তিপূৰ্ণ মিমাংসাত এক ইতিবাচক দিশ কঢ়িয়াই আনিছে। সম্প্ৰতি ২১ অক্টোবৰত উচ্চ ন্যায়লয়ৰ ৰায়লৈ অপেক্ষাৰত দুয়োখন সমিতি।