নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুৰ্কংচেলেক কলেজত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি 

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত নৰ্থ ষ্টাৰ ক্লাবে আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা ২০২৬ৰ মঙলবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে।

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জোনাই বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত উক্ত ১৫ দিনীয়া কৰ্মশালাত ৫০ৰো অধিক প্ৰশিক্ষাৰ্থীক কবিতা আবৃত্তি, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ গীত আৰু গীতৰ নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে।

সামৰণিৰ দিনটোত প্ৰশিক্ষাৰ্থী সকলেে কবিতা, ড° ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য আৰু ভূপেন হাজৰিকা সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী সকলক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰা হয়।

সামৰণী অনুষ্ঠানত মিচিংসকলৰ যশস্বী কণ্ঠশিল্পী ‘নিতম দকচৰি’ খ্যাত তৰাৱতী মিলি বৰিয়ে বন্তি প্ৰজ্বলন কৰে তৰাৱতী মিলি বৰিয়ে। অনুষ্ঠানত ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত তথা জোনাই সম জিলা ভাৰপ্ৰাপ্ত আয়ুক্ত ৰাজীৱ সোনোৱাল, জোনাই বনাঞ্চলিক বিষয়া দেবব্ৰত গগৈ, জেষ্ঠ সাংবাদিক ৰয়েল পেগু, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ গগৈ, উদ্যোক্তা পল্লৱী হাজৰিকা দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত শৰ্মা, ধেমাজি জিলা সাংবাদিক সন্থাৰ সম্পাদক গৌতম পেগুৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি তথা অভিভাৱক উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, জোনাই, ২৮ জুলাই

You might also like