নিয়মীয়া বাৰ্তা, ১৮অক্টোৱৰ: সুকীয়া সোৱাদ, উল্লেখনীয় বৈশিষ্ট্য, চি ভিটামিনৰ আকৰ অসমৰ নেমুৰ আছে এক নিজস্ব পৰিচয়৷ এই স্বকীয়তাসমূহৰ বাবেই অসমৰ নেমুক ভৌগোলিক সূচাংক (জি আই) প্রদান কৰা হৈছে৷ বিদেশৰ বজাৰতো বিশেষ সমাদৰ লাভ কৰা নেমু দেশৰ ভিন্ন প্রান্তৰ বজাৰত জনপ্রিয় কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ অধীনস্থ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ ৰাজ্যত উৎপাদিত বৃহৎসংখ্যক নেমুৰ বহিঃৰাজ্যত এখন বজাৰ সৃষ্টিৰে কৃষকসকলৰ উন্নয়নৰ প্রতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইয়াৰ অংশ হিচাপে দেশৰ কেইবাখনো আগশাৰীৰ চহৰত সঞ্চালকালয়ে প্রচাৰকার্য আৰম্ভ কৰিছে৷ সঞ্চালকালয়ৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি যোৱা ১৫ অক্টোবৰৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীৰ লগতে নইদা, গুৰগাঁও, গাজিয়াবাদ, পুনে, বাংগালুৰু আৰু হায়দৰাবাদত ইয়াৰ ব্যৱসায়িক প্রচাৰ আৰম্ভ কৰা হৈছে৷ এই চহৰসমূহৰ বিভিন্ন অঞ্চলৰ লগতে ব্যৱসায়িক অঞ্চলসমূহক সামৰি দৈনিক ১০০টা স্থানত নেমুৰ প্রচাৰ চলোৱা হৈছে৷ ইয়াৰ মূল উদ্দেশ্য হৈছে অসমৰ স্বকীয় নেমুৰ প্রতি বহিঃৰাজ্যৰ ব্যৱসায়ীসকলৰ দৃষ্টি আকর্ষণ কৰা৷ এই প্রচাৰ চলোৱা চহৰসমূহত সঞ্চালকালয়ে লিফলেট, পাম্ফলেট আদি বিতৰণ কৰাৰ লগতে অসমৰ নেমু বিতৰণ কৰি ইয়াৰ সোৱাদ আৰু উপকাৰিতা সন্দর্ভত বুজাবলৈ চেষ্টা কৰা হৈছে৷ এই প্রচাৰ অভিযানৰ বাবে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা প্রায় ২৬ হাজাৰ নেমু বিমানযোগে লৈ যোৱা হৈছে৷ চহৰসমূহত ষ্টল স্থাপনেৰে বিভিন্নজনক নেমুৰ উপকাৰিতা অৱগত কৰাৰ লগতে সোৱাদ ল’বলৈও সুযোগ প্রদান কৰা হৈছে৷ সঞ্চালকালয়ৰ বিষয়াৰ উপস্থিতিত এই প্রচাৰ অভিযান নিৰীক্ষণ কৰাৰ লগতে ২০ দিন পর্যন্ত অসমৰ নেমুৰ বিপণনৰ প্রচাৰ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে৷ দিল্লী আৰু অন্যান্য চহৰসমূহত চলোৱা প্রচাৰৰ সময়ত ক্রেতাসকলক এফ পি চিসমূহৰ তথ্য কিউ আৰ কোডৰ জৰিয়তে প্রদান কৰা হৈছে৷ যাতে তেওঁলোকে সহজে এই এফ পি চিসমূহক যোগাযোগ কৰি নেমু ক্রয় কৰিব পাৰে৷ বিশেষকৈ ৰাজ্যৰ কৃষকসকলক এখন বজাৰ প্রদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু কৃষি বিভাগৰ উদ্দেশ্যৰ প্রতি লক্ষ্য ৰাখি এনেদৰে প্রচাৰৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে প্রথম পর্যায়ত বীজহীন নেমু প্রচাৰ অভিযানৰ সময়ত নমুনা হিচাপে বিতৰণ কৰা হৈছে৷ সম্প্রতি ৰাজ্যত প্রায় ১৪ হাজাৰ হেক্টৰ ভূমিত নেমুৰ খেতি কৰা হয়৷ বছৰি ৰাজ্যত বীজহীন নেমুৰ উৎপাদনৰ পৰিমাণ হৈছে ৪০ হাজাৰ মেট্রিকটন৷ ৰাজ্যৰ বজাৰৰ চাহিদাতকৈ যথেষ্ট বেছি পৰিমাণে নেমু উৎপাদন হোৱা বাবে কৃষকসকলে বহু সময়ত অতি কম দামত বিক্রী কৰিব লাগিব৷ ফলত তেওঁলোক ব্যাপক লোকচানৰো সন্মুখীন হৈ আহিছে৷ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে আশা প্রকাশ কৰিছে যে এই প্রচাৰ অভিযানৰ পাছত অনাগত সময়ত দেশৰ ভিন্ন প্রান্তত অসমৰ নেমুৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে এখন বজাৰৰ সৃষ্টি হ’ব৷ প্রচাৰৰ সময়ত জিলা পর্যায়ৰ আৰু ৰাজ্যিক পর্যায়ৰ যোগানকাৰী তথ্য দিল্লী অথবা আন চহৰৰ ক্রেতাসকলক দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ যাৰ জৰিয়তে অসমৰ কৃষকসকলে জিলা অথবা ৰাজ্যিক পর্যায়ৰ যোগানকাৰীৰ জৰিয়তে দেশৰ ভিন্ন প্রান্তৰ বজাৰত নিজৰ উৎপাদিত নেমুৰ বিক্রীৰ এক পথ ওলাব বুলি আশা কৰা হৈছে৷ নেমুৰ উপৰি পৰৱর্তী সময়ত সঞ্চালকালয়ে আনাৰস, ভোট জলকীয়া, কল, আদা আৰু হালধিৰ ব্যৱসায়িক প্রচাৰকার্য দেশৰ ভিন্ন প্রান্তত আৰম্ভ কৰিব৷ আনহাতে, অসমৰ নেমুৰ ব্যৱসায়িক প্রচাৰৰ বাবে আৰম্ভ কৰা এই অভিযানে ব্যাপক সঁহাৰি লাভ কৰিছে৷