বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : অৰুণাচল প্ৰদেশৰ দুইমুখৰ ৰ’ন’ হিলছস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ দ্বাৰা উপাচাৰ্যৰ কক্ষ লণ্ডভণ্ড তথা পৰৱৰ্তী সময়ত আৰক্ষীৰ দ্বাৰা ছাত্ৰক প্ৰহাৰৰ ঘটনাৰ পাছত বিশ্ববিদ্যালয়ৰখনৰ পৰিবেশ আজিও উত্তপ্ত হৈ আছে ৷ আৰ জি ইউ এছ ইউয়ে বিশ্ববিদ্যালয়খনৰ মুখ্য প্ৰবেশদ্বাৰৰ সন্মুখত কেইবাটাও দাবীত অৱস্থানেৰে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে৷ আৰ জি ইউ এছ ইউ সভাপতি-সাধাৰণ সম্পাদকৰ বিৰুদ্ধে দাখিল কৰা এফ আই আৰ তৎকালীনভাৱে প্ৰত্যাহাৰ, বিশ্ববিদ্যালয়খনৰ চৌহদত মোতায়েন কৰা আৰক্ষী প্ৰত্যাহাৰ , ছাত্ৰাবাসৰ মাচুল হ্ৰাস, প্ৰতি ছাত্ৰাবাসত ৱাই-ফাই সুবিধা প্ৰদান, বিশ্ববিদ্যালয়ৰ জৰাজীৰ্ণ পথ আৰু বিচুম হলৰ মেৰামতি, ষ্ট্ৰীট লাইট স্থাপন আৰু প্ৰিফেক্ট ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ছাত্ৰছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ আনহাতে আজি পুৱা বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° নাবাম টাদাৰ ৰিকামে প্ৰতিবাদস্থলীত উপস্থিত হৈ দাবীসমূহৰ প্ৰতি ইতিবাচক সঁহাৰি প্ৰদান কৰে৷ প্ৰতিবাদী ছাত্ৰছাত্ৰীসকলক সম্বোধন কৰি পঞ্জীয়কগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ চৌহদৰ ভিতৰত সকলোৱে এটি পৰিয়ালৰ বাস কৰে আৰু সকলো বিষয় সৌহাৰ্দপূৰ্ণভাৱে চোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ ৰিকামে লগতে কয় যে বিশ্ববিদ্যালয়খনৰ প্ৰশাসনে আন্তৰিকতাৰে কাম কৰি আছে আৰু সকলো সিদ্ধান্ত এক আলোচনাৰ পিছত লোৱা হ’ব৷ আনহাতে প্ৰিফেক্ট ব্যৱস্থা পুনৰ প্ৰৱৰ্তনক লৈ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ সদস্যই উপাচাৰ্য সাকেট কুশৱাহাক অপদস্থ কৰি কাৰ্যালয় ভাঙি পেলোৱাৰ ঘটনাৰ আৰ জি ইউ শিক্ষক সন্থা , আৰ জি ইউ কৰ্মচাৰী সংস্থা আৰু আৰ জি ইউ খিলঞ্জীয়া কৰ্মচাৰী মঞ্চই তীব্ৰ গৰিহণা দিয়ে। ১৭ অক্টোবৰ দিনটো বিশ্ববিদ্যালয়খনৰ ইতিহাসত এটা ক’লা দিন আখ্যা দি বিশ্ববিদ্যালয়ৰ আচৰণ বিধি অনুসৰি আৰু আইন অনুসৰি ঘটনা সংঘটিত কৰা অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ক’লা বেজ পৰিধান কৰি বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰীসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰেৰক সমীন কুমাৰ শইকীয়া