নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত : ২০২২ৰ উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীর্ণ ছাত্রীলৈ স্কুটী

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ উচ্চতৰ মাধ্যমিক উত্তীর্ণ মেধাৱী শিক্ষার্থীক উৎসাহ জনোৱাৰ লক্ষ্যৰে, ফিক্সড পে’ত কার্যনির্বাহ কৰি থকা সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধিৰ অনুমোদনেৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেটে উচ্চতৰ মাধ্যমিকত উত্তীর্ণ মেধাৱী শিক্ষার্থীক স্কুটী প্রদানৰ সিদ্ধান্ত লয়৷ সিদ্ধান্ত অনুসৰি উচ্চতৰ মাধ্যমিকৰ ২০২২ বর্ষৰ চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ২৯,৭৪৮গৰাকী ছাত্রী আৰু ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ৬,০৫২জন ছাত্রক প্রদান কৰা হ’ব স্কুটী৷ এই কথা সদৰী কৰি মন্ত্রী ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই কয় যে মেধাৱী শিক্ষার্থীক উৎসাহিত কৰিবলৈ চৰকাৰে গ্রহণ কৰা সিদ্ধান্তমর্মে আনুমানিক ব্যয় হ’ব ২৫৮.৯ কোটি টকা৷ ছাত্র–ছাত্রীসকলক প্রদান কৰা স্কুটী পঞ্জীয়নৰ বাবেও প্রদান কৰা হ’ব বিত্তীয় সাহার্য৷ এই প্রস্তাৱমর্মে উচ্চ শিক্ষা বিভাগে অধ্যক্ষৰ জৰিয়তে ছাত্র–ছাত্রীসকলৰ স্কুটী পঞ্জীয়ন আৰু বীমাৰ বাবে বিত্তীয় সাহার্য প্রদান কৰিব৷ আনহাতে সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধিত অনুমোদন জনায় কেবিনেটে৷ ইয়াৰ জৰিয়তে প্রাদেশীকৃত মহাবিদ্যালয়ৰ ফিক্সড পে’ত কর্মৰত সহকাৰী অধ্যাপকৰ মাহিলি পৰিশ্রমিক ৫৫ হাজাৰ (ফিক্সড)লৈ বৃদ্ধি কৰা হৈছে৷ ইফালে জাতিগত প্রমাণ–পত্র জাৰিকৰণৰ ক্ষেত্রতো এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে কেবিনেটে ৷ সেইমর্মে ভৈয়ামত বসবাস কৰা কার্বিসকলে অনুসূচিত জনজাতিৰ প্রমাণ–পত্র লাভ কৰিব৷ একেদৰে পাহাৰত বাস কৰা ভৈয়ামৰ জনজাতিসকলে অনুসূচিত জনজাতিৰ প্রমাণ–পত্র লাভ কৰিব৷ কেবিনেটে ৰাজ্য চৰকাৰৰ অর্থনীতি, শৈক্ষিক আৰু নিযুক্তি লাভৰ ক্ষেত্রত সহায়ক হোৱাকৈ মিছন ভূমিপুত্রৰ অধীনত অনুসূচিত জাতি–অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্রেণী, বাকী অন্যান্য পিছপৰা শ্রেণী প্রমাণ–পত্রৰ দৰে উপায়ুক্তৰ দ্বাৰা অনলাইনযোগে যোগ্যসকলক জাতিগত প্রমাণ–পত্র প্রদানৰ সিদ্ধান্ত লয়৷ পর্যটন বিকাশৰ বাবে কাজিৰঙাত ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্বৰে ছৰাফ হোটেল এণ্টাৰপ্রাইজ (হায়াত গ্রুপ অব হোটেলছ)ৰ দ্বাৰা হোটেল নির্মাণৰ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে ৷

You might also like