নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত গন্ধীয়া গাঁও পঞ্চায়তৰ জনবসতি এলেকাত অবৈধভাৱে স্থাপন কৰা এটা ইটাভাটাক কেন্দ্ৰ কৰি অঞ্চলটোৰ কৃষকসকলৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।পঞ্চায়তটোৰ ন-মধুপুৰ গন্ধীয়াৰ জনবসতি এলেকাত লখিমপুৰ জিলা প্ৰশাসনক সন্তুষ্ট কৰি কপিল ডুবে নামৰ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি অবৈধভাৱে ইটাভাতাতো চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। জনবসতিপূৰ্ণ এলেকাত উদ্যোগটো স্থাপন কৰিলে উৎপাদনৰ সময়ত ভাটাটোৰ পৰা নিৰ্গত হবলগীয়া প্ৰদূষিত ধোৱাই নিচেই কাষতে থকা বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হবলগীয়া পৰিস্থিতিৰ আশংকা হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ বিভিন্ন দল-সংগঠন আৰু কৃষক ৰাইজে ঢকুৱাখনা মহকুমা প্ৰশাসন, লখিমপুৰ জিলা প্ৰশাসনক ইটাভাটা স্থাপনৰ বিৰোধিতা কৰি লিখিত অভিযোগ দাখিল কৰি আহিছে। কিন্তু তাৰ পিছতো ঢকুৱাখনা মহকুমা প্ৰশাসন, লখিমপুৰ জিলা প্ৰশাসনৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু স্থানীয় পঞ্চায়তৰ ৰহস্যজনক ভূমিকাৰ বাবে আজিও বন্ধ হোৱা নাই ইটাভাটাতো।অৱশেষত উপায়ন্তৰ হৈ আজি স্থানীয় ৰাইজ আৰু টাই আহোম ছাত্ৰ সন্থাই ইটাভাটাতো বন্ধ কৰাৰ দাবীৰে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। শতাধিক প্ৰতিবাদকাৰীয়ে ‘ইটা ভাতা বন্ধ কৰক, বহিৰাগত বনিয়াৰ দাদাগিৰী নচলিব, কৃষিজীৱি ৰাইজক ৰক্ষা কৰক’ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।অবৈধ ইটা ভাটাতোৰ ফলত অঞ্চলটোৰ বায়ু প্ৰদূষিত হ’বলৈ ধৰাৰ লগতে ওচৰৰ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ লগতে স্থানীয় প্ৰতিবেশী সকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও মুগা চোমণিসমূহলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে স্থানীয় ৰাইজে।অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা ইটাভাতাটো ব্যৱসায়ী গৰাকীয়ে যাতে কোনোপধ্যে স্থাপন কৰিব নোৱাৰে তাৰবাবে সংশ্লিষ্ট বিভাগ ,ৰাজ্য চৰকাৰক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে স্থানীয় ৰাইজে।
প্ৰেৰক পুলকজ্যোতি বৰা