নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পুনৰ ব্যাপক ৰূপত তীৰৰ প্ৰচলন : আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ মখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোৱা জুৱাবিৰোধী কঠোৰ স্থিতি সত্বেও টধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে পুনৰ তীৰৰ ব্যাপক প্ৰচলন ঘটা বুলি উচ্চাৰিত হ’বলৈ লোৱা পোৱা গৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত চলিত বৰ্ষৰ ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে  আৰক্ষীৰ  অভিযানৰ উমান পাই সেই সময়ত  তীৰৰ সৈতে জড়িত ধুবুৰীৰ কেইবাগৰাকী মূল পাণ্ডা আত্মগোপন কৰিছিল। ফলত স্বাভাৱিক ভাৱেই পলাবলৈ সক্ষম হোৱা তীৰৰ স্বয়ম্ভূ মালিক কেইগৰাকীয়ে আৰক্ষীৰ তীৰ বিৰোধী সেই অভিযানৰ উমান আগতীয়াকৈ পাইছিল নেকি বুলিও সন্দেহ উত্থাপিত হৈছিল। ইপিনে আৰক্ষীৰ সেই অভিযানৰ পিছত ধুবুৰীত প্ৰায়  এমাহ–ডেৰমাহমান  তীৰ সম্পূৰ্ণৰূপে বন্ধ আছিল যদিও তাৰ পিছৰ পৰাই লাহে লাহে তীৰৰ প্ৰচন পুনৰ আৰম্ভ হ’বলৈ লোৱা বুলিয়েই ভূৰখাসকলৰ মত। উল্লেখ্য যে, ৮০ৰ দশকৰ পৰা ধুবুৰীত আৰম্ভ হোৱা এই বিধ জুৱা পিছলৈ গৈ ধুবুৰীকে ধৰি  জিলাখনৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছিল। প্ৰথমাৱস্থাত গুৱাহাটীৰ খানাপাৰাৰ সমীপৰ মেঘালয়ৰ এটা অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হোৱা  “খানাপাৰা তীৰ” বুলি জুৱাৰীসকলৰ মাজত পৰিচিত তীৰৰ জুৱাবিধৰ প্ৰচলন ঘটিছিল। পিছলৈ গৈ মেঘালয়ৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘শ্বিলং তীৰ’’ নামৰ আন এবিধ তীৰৰ জুৱাও আৰম্ভ হৈছিল ধুবুৰীত। এক সূত্ৰই সদৰি কৰা অনুসৰি, পূৰ্বে বৃহত্তৰ ধুবুৰীত অতি কমেও ১৮ ৰ পৰা ২০ গৰাকীকৈ  তীৰৰ মূল পৃষ্ঠপোষক আছিল যদিও বৰ্তমানে ধুবুৰীত তীৰৰ স্বয়ম্ভূ মালিকৰূপে অতি কমেও ১০গৰাকীৰো অধিক ব্যক্তি জুৱাবিধৰ সৈতে জড়িত হৈ আছে।আনকি তীৰৰ সৈতে স্থানীয় কেইগৰাকীমান প্ৰতিষ্ঠিত ব্যৱসায়ীও জড়িত হৈ থকাৰ দীৰ্ঘদিনীয়া এক বুবাও আছে স্থানীয় ৰাইজৰ মাজত। ইপিনে সেই সূত্ৰটোৱে সদৰি কৰা মতে, স্থানীয় তীৰৰ পৃষ্ঠপোষকসকলৰ আছে আছে অতি কমেও আছে/১২ গৰাকীকৈ বুকি অৰ্থাৎ তীৰৰ টিকট বিক্ৰেতা। দৈনিক জুৱাৰীক বিক্ৰী কৰা ধনৰ ২০ শতাংশ ধন কমিচনৰূপে লাভ কৰে বুকিয়ে। আনহাতে, খানাপাৰা আৰু শ্বিলং –এই দুবিধ তীৰৰ জুৱাৰে আছে দুটাকৈ ৰাউণ্ড। প্ৰথম ৰাউণ্ডৰ ফলাফল বিয়লি ৪টা মানত উপলব্ধ হোৱাৰ বিপৰীতে বিয়লি ৫টাৰ ওচৰে পাঁজৰে পোৱা যায় দ্বিতীয় ৰাউণ্ডৰ ফলাফল। বুকী এজনে  উকা কাগজৰ সৰু বহী এখনৰ পাতত তীৰৰ ৰাউণ্ড নম্বৰ, প্ৰতিটো ৰাউণ্ডত পছন্দৰ সংখ্যা আৰু সেই সংখ্যাবোৰৰ বিপৰীতে বিনিয়োগ কৰা কৰা ধনৰ পৰিমাণ লিখি প্ৰদান কৰে জুৱাৰীক। হোৱাটচ আপ আৰু মোবাইল যোগেও বুকিসকলে দিয়ে জুৱাৰীয়ে বিচৰা তীৰৰ নম্বৰ।জুৱাৰীক তীৰৰ নম্বৰ বিক্ৰী কৰি সংগ্ৰহ কৰা ধন প্ৰতিদিন বিয়লিৰ ফালে নিজৰ নিজৰ মালিকৰ হাতত জমা দিব লাগে বুকী এজনে। তীৰেৰে ধন ঘটাৰ এক অলীক সপোনৰ পিছে পিছে দৌৰি একাংশ চৰকাৰী চাকৰিয়ালকে ধৰি  দিন হাজিৰা কৰি কোনোমতে নিজৰ পৰিয়ালক পোহপাল দিয়া বহুলোকে  নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা বৃহৎ অংশ নষ্ট কৰে তীৰৰ জুুৱাত। ইপিনে তীৰৰ এই জুৱাবিধৰ সৈতে জড়িত ধুবুৰীৰ মূল পাণ্ডাসকলক কৰায়ত্ব কৰি চহৰখনত এই জুৱা বিধ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে প্ৰশাসন আৰু আৰক্ষীয়ে যথাযথ পদক্ষেপ লোৱাটো কিন্তু কামনা কৰে বহুতেই। ইয়াতে উল্লেখনীয় যে, মাজে সময়ে কেইগৰাকীমান তীৰৰ বুকীক কৰায়ত্ব কৰি আৰক্ষীয়ে দায়িত্ব সামৰে বুলি এক বুবা আছে স্থানীয় একাংশ মহলত। তাৰেই প্ৰেক্ষাপটত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ তীৰৰ মূল পৃষ্ঠপোষক সকলৰে আৰক্ষীৰ এটা মহলৰ গোপন মিতিৰালী থকাৰো আছে দীৰ্ঘদিনীয়া এক সন্দেহ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like