নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰাইঘাট পঞ্চায়তত আলু বীজ বিতৰণ : ৰবিশস্যৰ জৰিয়তে লাভান্বিত হ’ব কৃষক : ৰঞ্জিত ভট্টাচার্য

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ জালুকবাৰী সমষ্টিৰ শৰাইঘাট পঞ্চায়তত আজি কৃষি বিভাগৰ উদ্যোগত বিজেপিৰ কৃষক মর্চাৰ সহযোগত অঞ্চলটোৰ কৃষকৰ মাজত আলুৰ বীজ বিতৰণ কৰা হয়৷ চাংসাৰি শৰাইঘাট অঞ্চলৰ উপৰি কাইলৈৰ পৰা ধোপাগুৰি, আঠিয়াবৈ, মলং, শিলভঁৰাল, বনমাজাকে ধৰি বৃহত্তৰ অঞ্চলৰ কৃষকসকলৰ মাজত বিনামূলীয়াকৈ আলুৰ বীজ বিতৰণ কৰা হ’ব৷ পৰৱর্তী সময়ত কৃষি বিভাগে কৃষকসকলক মটৰ, সৰিয়হ, পিয়াজকে ধৰি কেইবাবিধ পাচলিৰ বীজ কৃষি বিভাগে প্রদান কৰিব৷ কৃষকসকলে যাতে সকলো আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে কৃষি বিভাগৰ সহযোগত বিজেপিৰ কৃষক মর্চাই বিশেষ প্রচেষ্টা গ্রহণ কৰিছে৷ আজি আলুৰ বীজ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কৃষক মর্চাৰ ৰাজ্যিক উপ–সভাপতি ৰঞ্জিত ভট্টাচার্য৷ অনুষ্ঠানত তেওঁ কয় যে গাঁৱে গাঁৱে গৈ কৃষকসকলৰ মাজত সজাগতা সৃষ্টি, উন্নত মানৰ বীজেৰে কৃষিকর্ম কৰি উৎপাদন বৃদ্ধিকে ধৰি একাধিক বিষয়ত কৃষকসকলক সকাহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ শৰতৰ আগমনৰ লগে লগে ৰাজ্যৰ কৃষকসকলে ৰবি শস্যৰ জৰিয়তে কৃষি পথাৰত কৃষি বিপ্লৱ কৰি লাভান্বিত হ’ব বুলি আশা প্রকাশ কৰি ভট্টাচার্যই কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰ, কৃষি মন্ত্রীগৰাকীয়ে ৰাজ্যৰ কৃষকক সকলো প্রকাৰে সহায় কৰিবলৈ সংকল্প লৈছে৷ ইয়াৰ অংশ হিচাপে আজি কৃষকসকলৰ মাজত বীজ বিতৰণ কৰি কৃষকসকলক সকাহ দিয়াৰ প্রচেষ্টা কৰা হৈছে৷ আজিৰ অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া কুলেন্দ্র ডেকা, গ্রামসেৱক প্রশান্ত শইকীয়া প্রমুখ্যে অঞ্চলটোৰ কৃষক ৰাইজ উপস্থিত থাকে৷

You might also like