ডিচেম্বৰত বাংলাদেশ ভ্রমণ টীম ইণ্ডিয়াৰ: খেলিব ২ টেষ্ট, ৩ এদিনীয়া
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: আসন্ন টি–২০ বিশ্বকাপৰ পিছতে নিউজিলেণ্ড ভ্রমণৰ পৰা উভতি আহি বাংলাদেশলৈ যাব টীম ইণ্ডিয়া৷ এক ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ক্রিকেট দলৰ বাংলাদেশ ভ্রমণ৷ এই ভ্রমণ শেষ হ’ব ২৬ ডিচেম্বৰত৷ বাংলাদেশ ভ্রমণকালত ৰোহিত শর্মাৰ দলটোৱে এদিনীয়া শৃংখলা আৰু টেষ্ট শৃংখলাত ভাগ ল’ব৷ বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা সূচী প্রকাশ কৰা হৈছে৷
সূচী অনুসৰি, ঢাকাত তিনিওখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব৷ এই মেচসমূহ খেলোৱা হ’ব ৪, ৭ আৰু ১০ ডিচেম্বৰত৷ ইয়াৰ পাছতে ভাৰতীয় দলটো চট্টগ্রামলৈ যাব৷ ১৪–১৮ ডিচেম্বৰলৈ জাহুৰ আহমেদ চৌধুৰী ষ্টেডিয়ামত প্রথমখন টেষ্ট খেলিব ভাৰতে৷ ইয়াৰ পাছত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ ঢ়াকাত অনুষ্ঠিত হ’ব দ্বিতীয় তথা অন্তিমখন টেষ্ট৷ ২৭ ডিচেম্বৰত বাংলাদেশৰ পৰা উভতি আহিব ভাৰতীয় দলটো৷
উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এই মুহূর্তত চতুর্থ স্থানত আছে ভাৰত৷ ইয়াৰ বিপৰীতে তালিকাৰ অন্তিম স্থানত আছে বাংলাদেশ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশ কৰিবলৈ ভাৰতৰ বাবে এই দুখন টেষ্টত বিজয়ী হোৱাটো অতিশয় জৰুৰী৷ বাংলাদেশৰ বিৰুদ্ধে খেলাৰ পাছত অহা বছৰ ফেব্রুৱাৰী–মার্চত দেশৰ মাটিতে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিব ভাৰতে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অহা বছৰ জুনত ইংলেণ্ডৰ অ’ভেলত অনুষ্ঠিত হ’ব৷