নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিনটোৰ ৰাশিফল

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজিৰ ৰাশিফল

মেষঃ যোগাযোগত ভালেই দেখা যায়৷ বিদ্যাত সাধাৰণ আহুকাল আহিব৷ ঘৰুৱা কথাত পূর্বৰ তুলনাত উন্নত ফল৷ বন্ধুৰ পৰা খুব উপকৃত নহ’ব৷ বগা শুভ ৰং, ১ শুভ সংখ্যা৷

বৃষঃ বেপাৰ–বাণিজ্যত থকাসকলে কিছু সুযোগ পাব৷ প্রিয় সংগ, আর্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা যায়৷ মনত সমালোচনাৰ ভাবে দেখা দিব৷ নীলা শুভ ৰং, ৫ শুভ সংখ্যা৷

মিথুনঃ কিবাকিবি সংযোগত মজলীয়া ফল৷ অৱশ্যে পূর্বৰ তুলনাত মানসিক দিশত উন্নত৷ কর্মস্থানত কিছু জটিলতা কমিব৷ বিদ্যার্থীয়ে যত্ন লোৱাটো ভাল হ’ব৷ মেৰুন শুভ ৰং, ২ শুভ সংখ্যা৷

কর্কটঃ কার্যক্ষেত্রত আপোনাৰ প্রভাৱ থাকিব৷ ভবামতে দুই–এটা কামত অগুৱাব৷ বন্ধু–বান্ধৱৰ লগত সম্বন্ধ অটুট থাকিব৷ বিদ্যাত প্রায় অনুকূল৷ ৭ শুভ সংখ্যা, ৰঙা শুভ ৰং৷

সিংহঃ আর্থিকত বিশেষ আহুকাল নাপাব৷ প্রাপ্য ধন পোৱাৰ সংকেত আছে৷ বিদ্যানুৰাগীৰ উন্নতি৷ পৰিৱর্তনশীল কর্মযোগ দেখা যায়৷ ৯ শুভ সংখ্যা, হালধীয়া শুভ ৰং৷

কন্যাঃ সাধাৰণ পৰিৱর্তন৷ শৰীৰো কিছু উন্নতি৷ বিদ্যাত মজলীয়া ফল৷ কর্মস্থানত ভালেই দেখা যায়৷ আকস্মিক আমন্ত্রণ ৰক্ষাৰ দৰকাৰ হ’ব৷ ৩ শুভ সংখ্যা, গুলপীয়া শুভ ৰং৷

তুলাঃ কর্মস্থানত শুভাশুভ প্রভাৱ দেখা যায়৷ নতুন কামত মন দিব পাৰিব৷ সামগ্রিক ক্ষেত্রত বুদ্ধিৰ প্রসাৰ লাভ৷ পূর্বতকৈ সামান্য অনুকূল৷ বগা শুভ ৰং, ৬ শুভ সংখ্যা৷

বৃশ্চিকঃ শৰীৰ বৰ ভাল লাগি নাথাকিব৷ আর্থিকত কঠিনতাৰ মাজেৰে চলিব লাগিব৷ কর্মত বাধা দেখিব৷ প্রিয় লোকৰ সৈতে আলাপ৷ ৬ শুভ সংখ্যা, মাটিয়া শুভ ৰং৷

ধনুঃ কর্মক্ষেত্রত বিশেষ কাৰণত কোনোৱে উপৰুৱা ব্যস্ততাত ভুগিব৷ আনহাতে, দিনটো পৰিষ্কাৰ থাকিব৷ শৰীৰ ভালেৰে যাব৷ বিদ্যাত বেয়া দেখা নাযায়৷ ৮ শুভ সংখ্যা, হালধীয়া শুভ ৰং৷

মকৰঃ মধ্যম দিন৷ হিচাপ নোহোৱা ব্যস্ততাৰে সময় ব্যয় হ’ব৷ কর্মত বাধা কম যদিও নিশ্চিন্ত নহয়৷ কর্তব্যত মনোযোগ ৰাখক৷ ৪ শুভ সংখ্যা, ক’লা শুভ ৰং৷

কুম্ভঃ আপুনি কিছু আশা দেখিব৷ শৰীৰেও আপোনাক কিছু সহায় কৰিব৷ ঘৰুৱাত মধ্যম প্রভাৱ৷ আর্থিকত বাধা দেখা নাযায়৷ ২ শুভ সংখ্যা, বেঙুণীয়া শুভ ৰং৷

মীনঃ প্রথমতে দিনটো খুব ভালেৰে যোৱাটো কঠিন হ’ব৷ এটা নহয় এটা আহুকাল থাকিব৷ অৱশ্যে গতানুগতিক কামত সিমান দুশ্চিন্তা নাথাকিব৷ ভ্রমণত মধ্যম ফল৷ ১ শুভ সংখ্যা, আকাশী নীলা শুভ ৰং৷

You might also like