বিশেষ বাৰ্তা, ২১অক্টোবৰঃ দুৰ্ভাগ্যই লগ এৰা নাই ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ক। কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ সহায়ক দিতিমণি গগৈ সহ দালাল পংকজ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ চহৰখনৰ বৈৰাগীমঠস্থিত বাসগৃহত অসম আৰক্ষী দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। আজি পুৱা প্ৰায় ১০ বজাৰ পৰা মাৰথান অভিযান চলোৱাৰ পাছত জব্দ কৰে ৭ লাখ ৩ হাজাৰ ৮০০ টকা।আনহাতেদি লগতে জব্দ কৰিছে ৮৭ হাজাৰ পুৰণি অথবা অচল নোট। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ সঞ্জীৱ হাজৰিকাৰ ঘৰত অভিযান চলোৱাৰ পাছত ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ ষ্টেট বেংকৰ প্ৰধান শাখাত থকা তেওঁৰ বেংকৰ ল’কাৰত তালাচী চলাই অভিযান কাৰী দলটোৱে।লকাৰত অভিযান চলাই পুনৰ তেওঁক বাসগৃহলৈ লৈ যোৱা হয়।আনহাতে বাসগৃহৰ পৰা পুনৰ বিয়লি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাক লৈ পৰিবহণ বিষয়াৰ কাৰ্যলয়ত কোঠাৰ দুৱাৰ বন্ধ কৰি কোনো লোককে প্ৰৱেশ কৰিবলৈ নিদি এক শ্বাসৰোদ্ধকৰ পৰিৱেশত অভিযান চলায়।অভিযানকাৰী দলটোৱে জিলা পৰিবহণ কাৰ্যালয়ৰ এম ভি আই আৰু অনান্য উচ্চ বৰ্গৰ সহায়ককো সোধা পোছা কৰে। উল্লেখযোগ্য যে,পৰিবহণ বিষয়াৰ কাৰ্যলয়ত উৎকোচ লোৱাৰ সময়ত নিম্নবৰ্গৰ সহায়ক দিতিমণি গগৈক দুদিনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰাৰ লগতে পংকজ শইকীয়া নামৰ এজন মধ্যভোগী দালালক গ্ৰেপ্তাৰ কৰিছিল।তাৎপৰ্যপূৰ্ণ যে, নিম্নবৰ্গৰ সহায়ক দিতিমণি গগৈৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত জব্দ কৰিছিল নগদ ৯ লাখ ৩০ হেজাৰ ৫০০টকা ।আনহাতে মধ্যভোগী পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা জব্দ কৰিছিল বহুতো চৰকাৰী নথি পত্ৰ।ইয়াৰ পাছতে দিতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান চলাই বৃহৎ সংখ্যক নগদ ধন জব্দ কৰি বৰ্তমানেও জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাক জেৰা অব্যাহত ৰাখিছে।আনহাতেদি পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰা জব্দ হোৱা ধন তেওঁৰ কন্যাৰ বিবাহত উপহাৰ স্বৰূপে পোৱা বুলিহে পত্নীয়ে জানিবলৈ দিছে।এতিয়া সমগ্ৰ বিষয়, প্ৰকৃত তদন্তৰ পাছতহে ফাদিল হোৱাৰ আশা কৰা হৈছে।স্বাভাৱিকতেই আজিৰ এই,ঘটনাই সমগ্ৰ ডিব্ৰুগড় জিলাতে বেচ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।
প্ৰেৰক বিভাস দুৱৰা