নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপঃ মেলব’নত আজি ভাৰত–পাকিস্তানৰ হাইভ’ল্টেজ মেচ

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ চলিত বিশ্বকাপৰ বহুপ্রত্যাশিত ভাৰত–পাকিস্তানৰ মেচখন  আজি মেলব’নত অনুষ্ঠিত হ’ব৷ মেচখনত বৰষুণৰ সম্ভাৱনা থাকিলেও দুয়োটা দলেই এই মহাৰণৰ বাবে সাজু হৈছে৷ মেচখনৰ পূর্বে অনুষ্ঠিত সংবাদ মেলত ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই কয় যে তেওঁলোকে সম্পূর্ণ প্রস্তুতিৰে আজি মেচখনত অৱতীর্ণ হ’ব৷ আনহাতে বৰষুণৰ সম্ভাৱনা সম্পর্কত তেওঁ কয়, ‘বৰষুণৰ ওপৰত আমাৰ নিয়ন্ত্রণ নাই৷ অৱশ্যে বৰষুণৰ বাবে খেলৰ অভাৰ হ্রাস পাব পাৰে৷ সেই পৰিস্থিতিৰ বাবেও আমি সাজু আছোঁ৷’

ইপিনে বর্ষাবিঘ্নিত মেচত টছ যে গুৰুত্বপূর্ণ হ’ব, সেই সম্ভাৱনাও ব্যক্ত কৰিছে ৰোহিতে৷ আন এক গুৰুত্বপূর্ণ তথ্য অনুসৰি ২০১৩ চনৰ পৰা ভাৰতে আইচিচি ট্রফীত জিকিব পৰা নাই৷ ২০১৫ আৰু ২০১৬ চনত ছেমিফাইনেলৰ পৰা বিদায় লৈছে ভাৰতে৷ ২০১৭ চনৰ চেম্পিয়নছ ট্রফীৰ ফাইনেলত পৰাজয় আৰু ২০১৯ৰ বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাই বিদায় লৈছিল টীম ইণ্ডিয়াই৷

আনহাতে বিগত টি–২০ বিশ্বকাপত ভাৰতে গ্রুপ পর্যায়ৰ পৰাই বিদায় লৈছিল৷ এইবাৰ ব্যর্থতাৰ অৱসান ঘটাব বিচাৰে ৰোহিতে৷ অৱশ্যে প্রতিপক্ষ পাকিস্তানক গুৰুত্ব দিয়া বুলি কয় অধিনায়কগৰাকীয়ে৷ তেওঁ কয়, ‘ভাৰত–পাকিস্তানৰ মেচত অতিৰিক্ত চাপ থাকে৷ কিন্তু এই চাপ আমি প্রত্যাহ্বান হিচাপে গ্রহণ কৰিছোঁ৷ বর্তমানৰ পাকিস্তান দলটো যথেষ্ট শক্তিশালী৷ মেচৰ দিনা শ্রেষ্ঠ প্রদর্শনে দল দুটাৰ মাজত পার্থক্য গঢ়ি তোলে৷’

ইফালে ভাৰতৰ বিপক্ষে কাইলৈ বিশেষ পৰিকল্পনাৰে নামিব পাকিস্তান৷ মেচখনত শ্বাহিন আফ্রিদী আৰু নাছিম শ্বাহৰ ওপৰত ভৰসা কৰিছে বাবৰ আজমে৷ কিন্তু অধিনায়কগৰাকীক ফখৰ জামানৰ আঘাতে উদ্বিগ্ণ কৰি ৰাখিছে৷ যোৱা বছৰ ভাৰতৰ বিৰুদ্ধে ধুমুহাৰ সৃষ্টি কৰিছিল বাঁওহতীয়া পেচাৰ আফ্রিদীয়ে৷ এইবাৰো তেওঁ অনুৰূপ প্রদর্শন দাঙি ধৰিব বুলি আশা কৰিছে আজমে৷ মেচখনৰ পূর্বে সংবাদ মেলত তেওঁ কয় যে ছান মাছুদ অসুস্থ হৈ আছে আৰু শীঘ্রে সম্পূর্ণ সুস্থ হ’ব৷ দলটোক মিডল অর্ডাৰে চিন্তাত ৰাখিছে৷ অ’পেনিঙত বাবৰ আৰু ৰিজৱানে ৰান নাপালে মিডল অর্ডাৰে সেই চাপ ধৰি ৰাখিব নোৱাৰে৷ তেওঁ কয় যে ভাৰতৰ প্রতিগৰাকী ক্রিকেটাৰক লৈ সুকীয়াকৈ পৰিকল্পনা কৰিছে তেওঁলোকে৷ অৱশ্যে ভাৰতৰ বিৰুদ্ধে মূল একাদশত কোন থাকিব, সেই কথা পৰিষ্কাৰ কৰি জনোৱা নাই৷

You might also like