মনৰ সুপ্ত নচিকেতাক জগাই তুলিব পাৰিলেই আহে জীৱনৰ পৰিপূর্ণতা
ঘগ্রাপাৰত ‘হিয়া স্মাৰক বত্তৃণতানুষ্ঠান’ত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: সাহস আৰু আত্মাৰ আভিজাত্যইহে জীৱনৰ বিশাল লক্ষ্য নিৰূপণ কৰি ব্যক্তিত্বৰ পৰিপূর্ণতা আনিব পাৰে৷ মানুহৰ অন্তৰংগ আৰু বহিৰংগ জীৱনৰ সুসমন্বয় জৰুৰী৷ মনৰ ভিতৰৰ সুপ্ত নচিকেতাক জগাই তুলিব পাৰিলেই মহাজীৱনৰ প্রাপ্তি সম্ভৱ৷ প্রতিভা বা বুদ্ধি থাকিলেই জ্ঞান অর্জন সম্ভৱ নহয়৷ হূদয়ত শ্রদ্ধা থাকিলেহে জ্ঞানার্জন সম্ভৱ হৈ পৰে৷ নৰৰ পৰা নৰোত্তম আৰু নৰোত্তমৰ পৰা নাৰায়ণ হোৱাৰ যাত্রাই, আলোক সন্ধানী যাত্রাইহে অগ্রে পূজিত হোৱাটো সম্ভৱ কৰি তোলে৷ সত্য–সুন্দৰৰ সাধনাই লক্ষ্য উচ্চ আৰু বিশাল হোৱাত সহায় কৰে৷ সাহস আৰু আত্মাৰ আভিজাত্যইহে জীৱনৰ বিশাল লক্ষ্য নিৰূপণ কৰি ব্যক্তিত্বৰ পৰিপূর্ণতা আনিব পাৰে৷ মানুহৰ বহিৰংগ দিশটোৱে অন্তৰংগ দিশৰ উমান দিব নোৱাৰে৷ সম্প্রতি মানুহৰ সম্পর্কৰ ক্ষেত্রতো সংকটে গা কৰি উঠিছে৷– এনেদৰে গভীৰ দর্শনসমৃদ্ধ ভাষণেৰে ঘগ্রাপাৰত পাঁচ শতাধিক দর্শক–শ্রোতাক প্রায় ডেৰঘণ্টা মন্ত্রমুগ্ধ কৰি ৰাখে শ্রীৰামকৃষ্ণ, স্বামী বিবেকানন্দ, শ্রীৰবিন্দ অনুৰাগী দিগন্ত বিশ্ব শর্মাই৷
সোমবাৰে নলবাৰী জিলাৰ ঘগ্রাপাৰ শ্রীশ্রীহৰিমন্দিৰ প্রাংগণত জি এম বি টিউটৰিয়েল হোমৰ উদ্যোগত ‘হিয়া স্মাৰক বত্তৃণতানুষ্ঠান’ত ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক বত্তৃণতা প্রদান কৰে দিগন্ত বিশ্ব শর্মাই৷ কথাশিল্পী ত্রিদীপ ৰঞ্জন মেধিয়ে আঁত ধৰা অতি গুৰুত্বপূর্ণ অনুষ্ঠানটো সঞ্চালনা কৰে বনভাগ জ্যেষ্ঠ মাধ্যামিক বিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্র কলিতাই৷ আৰম্ভণীতে কণমানি হিয়াৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে হিয়াৰ ককা আৰু আইতাক ক্রমে ললিত মল্ল বৰুৱা আৰু ভৱানী মল্ল বৰুৱাই৷ সংগীত শিক্ষক বংশীধৰ কলিতাই এটি বৰগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ আদৰণী ভাষণ দিয়ে হিয়াৰ পিতৃ তথা জি এম বি টিউটৰিয়েল হোমৰ সঞ্চালক গিৰীশ মল্ল বৰুৱাই৷ সাহিত্য অকাডেমিৰ অনুবাদক বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ ভাষণে উপস্থিত সকলো অধ্যাপক, শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রী তথা সচেতন ৰাইজক ভবাই তোলে৷ এটি ভজন পৰিৱেশন কৰে শিল্পী স্মৃতিৰেখা দাসে৷
আনহাতে, এই গাম্ভীর্যপূর্ণ সভাখনত জিএমবি টিউটৰিয়েল হোমৰ বেদান্ত শর্মা, আকাংশা বৰা, মনীষা মালাকৰ, উন্মেষা শর্মা, আকাংশা বি জি ডেকা, পৰীস্মিতা কলিতা, ৰোণাক জৈন, অর্ণৱ কপিল, দুই ভাতৃ ক্রমে মৃগেন চৌধুৰী আৰু শান্তনু চৌধুৰীসহ ১০গৰাকী কৃতী ছাত্র–ছাত্রীক সম্বর্ধনা জ্ঞাপন কৰে বিশিষ্ট ব্যক্তিসকলে৷ ইফালে, ‘হিয়া স্মাৰক বত্তৃণতানুষ্ঠান’ত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ যোগেন চন্দ্র কলিতাই শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রীৰ প্রতি বিশেষভাৱে উপকৃত হ’ব পৰা বিষয়ত বহলাই ব্যাখ্যা কৰে৷ ড০ কলিতাই সুবক্তা দিগন্ত বিশ্ব শর্মাৰ ভাষণটো অতি জ্ঞানদায়ক–গুৰুত্বপ্ ভাষণ বুলি মন্তব্য কৰে৷ ইফালে, কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক তথা জিএমবি টিউটৰিয়েল হোমৰ প্রধান সঞ্চালক ড০ ৰাতুল চন্দ্র ৰাজখোৱাই নলবাৰী জিলাৰ গ্রাম্য চহৰ ঘগ্রাপাৰত এই হিয়া স্মাৰক বত্তৃণতানুষ্ঠান অনুষ্ঠিত কৰা বাবে গিৰীশ মল্ল বৰুৱাৰ পৰিয়ালক প্রশংসা কৰে৷ অনুষ্ঠানত হিয়াৰ আইতাক ভৱানী বৰুৱাই কিছু স্মৃতি ৰোমন্থন কৰি ভাষণ দিয়ে৷ জিএমবি পৰিয়ালৰ হৈ ভাষণ দিয়াৰ লগতেবৰগীত পৰিৱেশন কৰে হলধৰ তালুকদাৰে৷ বাপুৰাম কলিতা আৰু হিয়াৰ মাতৃ নির্মালী দাসে প্রার্থনা সংগীত পৰিৱেশন কৰাৰ পাছতে শলাগৰ শৰাই আগবঢ়ায় হিয়াৰ দেউতাক তথা জিএমবি টিউটৰিয়েল হোমৰ পৰিচালক গিৰীশ মল্ল বৰুৱাই৷ অনুষ্ঠানটোৰ সঞ্চালক যোগেন্দ্র কলিতাই বিশিষ্ট ব্যক্তিসকলৰ অতি মনোগ্রাহী ভাষণে উপস্থিত সকলোকে উপকৃত কৰিব বুলি আশা প্রকাশ কৰে৷