নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষা আৰু জাতীয় স্বার্থত ৰাজ্য চৰকাৰে বীৰৰ দৰে থিয় হওকঃ ড০ নগেন শইকীয়া

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ:  আকাশবাণী ডিব্রুগড় কেন্দ্রৰ অসমীয়া বাতৰিৰ সম্প্রচাৰ বন্ধক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ নগেন শইকীয়াই৷ ‘প্রচাৰ ভাৰতী’য়ে জাৰি কৰা নির্দেশনা সন্দর্ভত তেওঁ কয়– মই একপ্রকাৰ মূক হৈ পৰিছোঁ৷ ক’বলৈ গ’লে মইবাকৰুদ্ধ হৈছোঁ৷ ব্রিটিছে অসম লওঁতে বাংলা ভাষা ব্যৱহাৰ কৰাত সুদীর্ঘ ৩৬ বছৰ যুঁজি অসমৰ মানুহে এই ভাষাটো প্রতিষ্ঠা কৰিছিল৷ চহৰখনৰ জীৱন ফুকন নগৰস্থিত বাসগৃহ ‘বর্ণমালা’ত সাংবাদিকক পুনৰ প্রথিতযশা সাহিত্যিকগৰাকীয়ে কয় যে স্বাধীন ভাৰতবর্ষত আমি কিয় এই অৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে, সেয়া বহলাই কোৱাৰ প্রয়োজন নাই৷ অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ ই এক মৃত্যুঘণ্টাৰ সংকেত৷ আজি এই ঘটনা বংগত কৰিব নোৱাৰে৷ তামিলনাডু বা ওডিশাতো কৰিব নোৱাৰে ক’তো কৰিব নোৱাৰে৷ তেওঁ আকৌ কয় যে যেতিয়া কেন্দ্রীয় গৃহমন্ত্রীয়ে সমগ্র ভাৰতবর্ষতে হিন্দী প্রতিষ্ঠা কৰাৰ কথা কৈ আহিছে, তেতিয়াও মই কৈ আহিছো যে সমগ্র ভাৰতবর্ষত ভাষাৰ শৃংখলা হিচাপে প্রথম ৰাজ্য ভাষা, দ্বিতীয় ৰাষ্ট্রীয় ভাষা হিন্দী আৰু তৃতীয়তে আন্তঃৰাষ্ট্রীয় ইংৰাজী ভাষা৷ এই তিনিটাৰ যোগেদি গ’লেহে আমাৰ প্রজন্মৰ ভাষা শিকন সম্পূর্ণ হ’ব আৰু জ্ঞান অর্জনৰ পথো প্রশস্ত হ’ব৷ হিন্দীৰ মনোভাৱেৰে যি কাম কৰিব লাগিছে, এই মনোভাৱে ভাৰতবর্ষৰ ভৱিষ্যৎ অন্ধকাৰ কৰি তুলিব৷

দেশৰ লগতে অসমৰ বহু গাঁৱত আজিও ৰেডিঅ’ খবৰ যোগানৰ একমাত্র সম্বল বুলি উল্লেখ কৰি তেওঁ কয় যে সর্বসাধাৰণ মানুহৰ কথা নভবাকৈ এনেভাৱে ভাষাটো উঠাই দিয়াটো মুঠেই উচিত হোৱা নাই৷সেয়া পাঁচ মিনিটৰেই হওক বা দহ মিনিটৰেই হওক৷ লগতে ৰাজ্য চৰকাৰক নিজ মাতৃভাষা ৰক্ষাৰ বাবে বীৰৰ দৰে থিয় হ’বলৈ আৰু প্রচাৰ ভাৰতীক পতিয়ন নিয়াবলৈকো তেওঁ আহ্বান জনায়৷ কেৱল ধন আৰু ক্ষমতাৰ বলত কোনো এটা ৰাজনৈতিক দলেই বেছি সময়লৈ তিস্তি থাকিব নোৱাৰে আৰু এই কথা সদায়ে অনুভৱ কৰি অহাৰ লগতে মুক্তকণ্ঠে কৈ অহা বুলিও সদৰী কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷ যদিহে ‘প্রচাৰ ভাৰতী’য়ে এই সন্দর্ভত ৰাজ্য চৰকাৰক অৱগত কৰিছিল, তেনেহ’লে চৰকাৰে বিহিত ব্যৱস্থা গ্রহণ নকৰা বাবেই এনে হ’ল বুলি গভীৰ দুখ প্রকাশ কৰি সঁচাকৈয়ে এইক্ষেত্রত মই মূক হৈ পৰিছোঁ বুলি ব্যক্ত কৰে৷

উল্লেখ্য যে ডিব্রুগড অনাতাঁৰ কেন্দ্রৰ অসমীয়া বাতৰিৰ শ্মশানযাত্রা তথা বন্ধ হোৱা সন্দর্ভত যোৱা ছেপ্ঢেম্বৰ মাহতে ‘নিয়মীয়া বার্তা’ কাকতত সবিস্তাৰে প্রকাশ হৈছিল৷ অৱশেষত সেই আশংকা সত্যত প্রমাণিত হৈ কাইলৈ অর্থাৎ ২৫ অক্টোবৰৰ পৰা সম্প্রচাৰ সম্পূর্ণৰূপে বন্ধ হ’ব৷ প্রতিদিনে সন্ধ্যা ছয় বজাত প্রচাৰ হোৱা আকাশবাণী ডিব্রুগড কেন্দ্রৰ অসমীয়া বাতৰি দিল্লীৰ ‘প্রচাৰ ভাৰতী’ৰ নির্দেশনাত চিৰদিনৰ বাবে বন্ধ হ’ব৷

মন কৰিবলগীয়া কথা যে বিত্তীয় বিষয়টো জডিত হৈ থকাৰ বাবেই অসমীয়া বাতৰিৰ বুলেটিন বন্ধ হোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা বুলি সৰৱ চর্চা চলিছে৷ উজনি অসমৰ আঠখন জিলাৰ স্থানীয় বা–বাতৰি প্রচাৰ কৰা ডিব্রুগড কেন্দ্রৰ পৰা প্রচাৰ হোৱা অসমীয়া বাতৰি বুলেটিন বন্ধ হোৱাৰ খবৰে স্বাভাৱিকতে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ আনহাতে ডিব্রুগডৰ বিধায়ক প্রশান্ত ফুকনে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ইতিমধ্যে বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীৰ জৰিয়তে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনোৱা হৈছে৷ অসমীয়া ভাষা আৰু অসমীয়া জাতীয় স্বার্থত মুখ্যমন্ত্রীয়ে নিশ্চয়কৈ পদক্ষেপ গ্রহণ কৰিব বুলি বিধায়ক প্রশান্ত ফুকন সদৰী কৰে৷

You might also like