নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ সুস্থ হৈছে অভিনেতা নিপন গোস্বামী

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:  পুনৰ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে বর্ষীয়ান অভিনেতা নিপন গোস্বামী৷ হূদৰোগ আৰু স্নায়ুৰোগত আক্রান্ত হোৱাৰ বাবে সোমবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ আই চি ইউত ভর্তি কৰোৱা হয় বর্ষীয়ান অভিনেতাগৰাকীক৷ একাংশ চিকিৎসকৰ তৎপৰতাত ক্রমাৎ সুস্থ হৈ উঠিছে অভিনেতা নিপন গোস্বামী৷ নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি ক্রমাৎ সুস্থ হৈছে অভিনেতাগৰাকী৷ অভিনেতাগৰাকীয়ে গ্রহণ কৰি আছে লঘু আহাৰো৷ নিজে যত্ন লৈ অভিনেতা নিপন গোস্বামীয়ে কাটিছে দাড়ি৷

কিন্তু ইয়াৰ মাজতে একাংশ নিকৃষ্ট মানসিকতাৰ লোকে সামাজিক মাধ্যমত নিপন গোস্বামীক লৈ চলাইছে ভয়ংকৰ অপপ্রচাৰ৷ সকলোৰে মৰম–শ্রদ্ধাৰ অভিনেতাগৰাকীৰ মৃত্যু হোৱাৰ খবৰ একাংশ ৱেব প’র্টেল আৰু ৱেব পেজে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রচাৰ চলাইছে৷ কেৱল ইমানতে ক্ষান্ত নাথাকি একাংশ ৱেব প’র্টেলে নেমকেয়াৰ হাস্পতাল কর্তৃপক্ষৰ লগত কোনো ধৰণৰ আনুষ্ঠানিক যোগাযোগ স্থাপন নকৰাকৈয়ে প্রচাৰ কৰিলে অভিনেতাগৰাকীৰ মৃত্যু হোৱা খবৰ৷ এই খবৰ লাভ কৰাৰ পাছতে মুহূর্ততে ৰাজ্যজুৰি সৃষ্টি হয় তীব্র আলোড়ন৷ চিকিৎসালয়খনলৈ ঢপলিয়াই আহে অভিনেতা প্রাঞ্জল শইকীয়া, যতীন বৰা, শিল্পী সীমান্ত শেখৰৰ লগতে বহু নবীন–প্রবীণ অভিনেতা–ভিনেত্রী৷ ইয়াৰ পাছতে একাংশ সংবাদ মাধ্যমৰ আগত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই নিপন গোস্বামী সুস্থ হৈ থকা বুলি সদৰী কৰাৰ লগতে এনে ভুৱা প্রচাৰ নচলাবলৈ সকলোকে বিনম্রভাৱে অনুৰোধ কৰে৷

ইফালে, চিকিৎসকে সদৰী কৰা অনুসৰি দুই–তিনি দিন আই চি ইউত ৰখাৰ পাছত নিপন গোস্বামীক সাধাৰণ কোঠালৈ স্থানান্তৰিত কৰা হ’ব৷

You might also like