নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনৰ প্রথমজন ভাৰতীয় মূলোদ্ভৱ প্রধানমন্ত্রী

 ঋষি সুনক কনজাৰভেটিভ সংসদীয় দলটোৰ বিনাপ্রতিদ্বন্দ্বিতাৰে নেতা নির্বাচিত হোৱাত তেওঁ ব্রিটেইনৰ ৫৭সংখ্যক প্রধানমন্ত্রী হোৱাটো নিশ্চিত হৈ পৰে৷ মাথোঁ ৪২ বছৰীয়া ১৮১২ চনত লর্ড লিভাৰপুলৰ পাছত সুনকেহ আটাহতকৈ কম বয়সীয়া প্রধানমন্ত্রী হ’ব৷ সাম্প্রতিককালত টনি ব্লেয়াৰ আৰু ডেভিড কেমেৰুন ৪৩ বছৰ বয়সত প্রধানমন্ত্রী হৈছিল৷ তেওঁ প্রথমজন ‘ব্রিটিছ এছিয়ান’ প্রধানমন্ত্রী৷ ব্রিটেইনত এছিয়ান মূলৰ জনসংখ্যা ৭.% (২০১১ চনৰ লোকপিয়ল)৷ হয়াৰ ভাৰতীয় মূলোদ্ভৱ ২.%৷ কৃষাংগ মূলৰ ৩.% আৰু স্থানীয় ব্রিটিছ শ্বেতাংগ ৮০.%৷ ২০১১ৰ লোকপিয়লৰ পৰা এতিয়ালৈকে এই জনগাঁথনিৰ বিশেষ সালসলনি হোৱা বুলি ধাৰণা কৰা নহয়৷ অর্থাৎ এজন সংখ্যালঘু জনগোষ্ঠীৰ লোক ব্রিটেহনৰ দৰে আগশাৰীৰ পশ্চিমীয়া দেশৰ প্রধানমন্ত্রী হ’ল৷ এখন খ্রীষ্টান ধর্মগৰিষ্ঠ দেশত এজন হিন্দু প্রধানমন্ত্রী হ’ল৷ হ নিঃসন্দেহে এটা  উল্লেখযোগ্য ৰাজনৈতিক ঘটনা৷
বিশেষকৈ ব্রিটেহনৰ ঔপনিৱেশিক শাসক হিচাপে এটা বর্ণবাদী অতীত আছে৷ বর্ণবাদী এই অতীতৰ বোজা দেশখনে এটা বা দুটা দশকতে পাতলাব পৰা নাই৷ ইয়াৰ বাবে দেশখনে কৰা আশাশুধীয়া প্রচেষ্টা মই নিজে যোৱা দুটা দশকৰ অধিক কাল মোৰ প্রৱাসী জীৱনত দেখি আহিছোঁ৷ এই কথা ক’লে ভুল হ’ব যে ইয়াত বর্ণবিভেদৰ সমস্যাৰ অন্ত হৈছে৷ সংখ্যাত কম হ’লেও একাংশ বর্ণবাদী লোক আছে বা উগ্রবাদী শ্বেতাংগ সংগঠনো আছে৷ কিন্তু চৰকাৰে নানা আইন প্রণয়নৰ যোগেৰেই নহয়, অতি সক্রিয় শৈক্ষিক আৰু জনসচেতনতামূলক কার্যসূচীৰে বর্ণবাদী মনোভাবৰ সৈতে মোকাবিলা কৰিবলৈ দশকৰ পাছত দশক ধৰি চেষ্টা কৰি আহিছে৷ ফলত প্রকট বর্ণবাদ ব্রিটেহনত নাই, কিন্তু নির্মূল হৈছে– এনে নহয়৷ ঠাহ বা পৰিস্থিতি সাপেক্ষে এনে অভিজ্ঞতা এছিয়ান বা কৃষাংগৰ হ’ব পাৰে৷ মন কৰিবলগীয়া যে প্রকট ভাব এটা কথা আৰু অসচেতনভাৱে এটা ভাব মনত পুহি ৰখা আন এটা কথা৷ অসচেতনভাৱে বহু লোকৰ বর্ণবাদী মনোভাৱ আছে৷ এহ অসচেতন বর্ণবাদৰ বিৰুদ্ধে আজিকালি চৰকাৰ আৰু বৃত্তিগত অনুষ্ঠান–প্রতিষ্ঠানে বহু শৈক্ষিক–সচেতনতামূ কার্যসূচী কৰে৷ উদাহৰণস্বৰূপে– আমি চিকিৎসক হিচাপে নিয়মীয়াকৈ ‘বিবিধতা আৰু সমতা’(Diversity and Equality) পাঠ ল’ব লাগে৷ প্রায় সকলো বৃত্তিধাৰী লোকেহ এনে পাঠ ল’ব লাগে৷
অর্থাৎ ‘বিবিধতা আৰু সমতা’ সম্পর্কীয় আধুনিক ধ্যান–ধাৰণাৰে পুষ্ট হ’বলৈ হ’লে সক্রিয় প্রচেষ্টা লাগে৷ মধ্যযুগীয় ঠেক, সাম্প্রদায়িক আৰু গোষ্ঠী আত্মসচেতনতাই আমাক আজিও কেনেকৈ গ্রাস কৰি আছে, তোমালোকে নিশ্চয়কৈ অৱগত হোৱা ডচিত৷ সামাজিক মাধ্যমত নিতৌ আমি ঐতিহাসিক মহান লোকসকলকো টানি আনি অল্প জ্ঞানেৰেই নির্লজ্জভাৱে আন এজন ব্যক্তি বা এটা গোষ্ঠীক আমাৰ মনঃপূত নোহোৱা কথা কোৱা বা কাম কৰাৰ অভিযোগত কুকুৰে কাঁহট নোখোৱা কৰোঁ৷ আমি একেটা ছালৰ বর্ণৰ মাজতেই বিবিধতা আৰু মতৰ ভিন্নতা সহ্য নকৰোঁ৷ তেনেস্থলত ঋষি সুনক ব্রিটেহনৰ প্রধানমন্ত্রী হোৱাটো নিঃসন্দেহে আমাৰ বাবে শিকনি হ’ব পাৰে৷
এহ চিন্তাৰ পৰিৱর্তে জনপ্রিয় গাথাত ভাৰতীয় হিচাপে কিমান গৌৰৱৰ কথা হৈছে সেয়াহে শুনিবলৈ পোৱা যাব৷ ভাৰতৰ বাবে গৌৰৱৰ কথা হৈছেনে? ঋষি সুনকৰ পত্নী ভাৰতীয়, তেওঁ নিজে ভাৰতীয় নহয়৷ তেওঁ ভাৰতীয় মূলোদ্ভৱ, কিন্তু সেহটো কেনেকৈ আমাৰ পোনপটীয়াকৈ গৌৰৱৰ কাৰণ হ’ব পাৰে? ঋষি সুনকৰ পিতৃ–মাতৃ পাঞ্জাবী মূলৰ৷ পিতৃ চিকিৎসক, জন্ম কেনিয়াত৷ মাতৃৰ জন্ম টাঞ্জানিয়াত৷ দুয়ো ষাঠিৰ দশকত ইংলেণ্ডত আহি থিতাপি লৈছিল, য’ত ঋষি সুনকৰ জন্ম৷ সুনকে উত্তম শিক্ষা লাভ কৰিছিল, যিটো উচ্চ আয়ৰ পিতৃ–মাতৃৰ বাবে প্রদান কৰাটো সম্ভৱ আছিল৷ সুনকে অক্সফ’ডত ৰাজনীতি, দর্শন আৰু অর্থনীতি পঢ়িছিল৷ আমেৰিকাৰ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ পৰা এমবিএ লাভ কৰিছিল৷ উচ্চ ব্যৱসায়িক প্রতিষ্ঠানত কাম কৰি অভিজ্ঞতা লাভ কৰিছিল৷ হয়াত ভাৰতীয় এজনৰ গৌৰৱৰ কি কাৰণ থাকিব পাৰে মহ অন্ততঃ বুজা নাই৷ আমাৰ ছালৰ সৈতে একে ৰঙৰ বা একে ধর্মৰ এজন ব্রিটেহনৰ প্রধানমন্ত্রী হৈছে, এনে বুলি এটা মন ভাল লগা অনুভৱ হ’ব পাৰে৷ কিন্তু আমি প্রকৃতার্থত তেতিয়াহে গৌৰৱান্বিত হ’ব পাৰিম, যেতিয়া শিকনি লৈ আমাৰ মাজত থকা বিভেদকামী মনোভাব পৰিহাৰ কৰি বিবিধতাক সঁচাকৈ আঁকোৱালি ল’ব পাৰিম৷ সমতাৰ ভাবেৰে মনক ভৰাই তুলিব পাৰিম৷
ঋষি সুনকৰ সন্মুখত কঠিন প্রত্যাহ্বান আছে৷ তেওঁক সাংসদসকলে নির্বাচিত কৰিছে৷ ছেপ্ঢেম্বৰ মাহত লিজ ড্রাছৰ সৈতে হোৱা প্রতিদ্বন্দ্বিতা দলৰ সভ্যসকলৰ মাজ পাহছিলগৈ৷ তেতিয়া তেওঁক সভ্যসকলৰ গৰিষ্ঠসংখ্যকে নাকচ কৰিছিল৷ এইবাৰ সভ্যসকলে ভোট দিব নাপালে৷ হ এটা আসোঁৱাহ হিচাপে পৰিগণিত হ’ব৷ কাৰণ তেওঁৰ প্রকৃত জনাদেশ বাদেহ, নিজৰ দলৰ সভ্যৰেই ভৰসা আছেনে বুলি বিপক্ষহ প্রশ্ণ কৰিব৷ তদুপৰি যি কঠিন অর্থনৈতিক সংকটৰ গৰাহত দেশখন পৰিছে, তাৰ পৰা ডদ্ধাৰ কৰাৰ কোনো চমু পথ নাহ৷ সাতে–পাঁচে বিপক্ষহ নহয়, নিজ দলৰেই বহুতেহ সংসদ ভাঙি নির্বাচন পাতি জনাদেশ প্রমাণ কৰিবলৈ ইতিমধ্যে দাবী কৰিছে৷ কনজাৰভেটিভ দলৰ আভ্যন্তৰীণ খোৱা–কামোৰা সর্বজনবিদিত৷ তদুপৰি সুনক ৰাজনৈতিকভাৱে কিমান পৰিপক্বআমি নাজানো৷ ব্রিটেহনৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত দলত যোগদান কৰাৰ কিছুবছৰৰ ভিতৰতেহ দক্ষতা থকা লোকে আগশাৰী পাব পাৰে৷ সুনক সাংসদ নির্বাচিত হোৱা মাত্র সাত বছৰহে হৈছিল, যিটো প্রধানমন্ত্রী হোৱাৰ ক্ষেত্রত এটা অভিলেখ কম ব্যৱধান৷ কিন্তু দক্ষতা থকা আৰু ৰাজনৈতিক নেতৃত্ব দিয়া একে কথা নহয়৷ সুনক এজন নেতা নে কেৱল এজন বুদ্ধিদীপ্ত লোক, তাৰ প্রমাণ আমি সোনকালেহ পাম৷ সংগ্রাম নকৰাকৈয়ে, প্রত্যাহ্বানৰ জুয়ে নোপোৰাকৈয়ে, লক্ষজনক উদ্দীপ্ত কৰিব পৰা নেতৃত্ব দিব পাৰিনে নাহ, আমি সুনকৰ মাজেৰেহ জানিব পাৰিম৷ সুনক সফল হ’লে এহ কথা প্রমাণ হ’ব যে ৰাজনৈতিক পদবী আৰু বিষয়াৰ অর্হতা একেহ৷ মূল কথা হ’ল দলীয় যন্ত্রটোৰ মাজেৰে কেনেকৈ আগুৱাহ নিজকে সুবিধাজনক স্থিতিত সষ্টম কৰি ৰাখিব পাৰি৷ এহ কথাও একেবাৰে অপ্রণিধানযোগ্য নহয় যে ঋষি সুনক আৰু তেওঁৰ পত্নী ব্রিটেহনৰ প্রায় ৬.৭ কোটি জনতাৰ ভিতৰত ২২২সংখ্যক ধনী পৰিয়াল৷ ৰাজনীতিত ধনে প্রভাৱ বিস্তাৰত পোনপটীয়া বা আওপকীয়াকৈ সহায় কৰিব পাৰে৷ মুঠতে সুনকৰ বাবে এয়া আৰম্ভণী৷ ব্রিটেহনৰ অস্থিৰ ৰাজনৈতিক প্রেক্ষাপটত তেওঁ প্রথমজন এছিয়ান প্রধানমন্ত্রী হিচাপে বিশেষ হৈ ৰ’ব নে আন মহত্ত্ব আর্জিব সেয়া অদূৰ ভৱিষ্যতে ক’ব৷
২০১৬ চনৰ ব্রেকজিট গণভোটৰ পাছৰে পৰাহ ব্রিটেহনৰ ৰাজনীতি অস্থিৰ৷ তেতিয়াৰ প্রধানমন্ত্রী ডেভিড কেমেৰুনে এহ গণভোট আহ্বান কৰি বিষয়টো ব্রিটেহন ইউৰোপিয়ান হডনিয়নত থকাৰ সপক্ষে নিষ্পত্তি হ’ব বুলি আশা কৰিছিল৷ কিন্তু ৫% ভোটেৰে ব্রেকজিট বিচৰাসকলৰ বিজয় হোৱাত তেওঁ পদত্যাগ কৰে৷ এই বিষয়টো মূলতঃ কনজাৰভেটিভ দলৰ আভ্যন্তৰীণ বিবদমান বিষয় আছিল৷ ডেভিড কেমেৰুনে নিজৰ নেতৃত্ব নিকপকপীয়া কৰিবলৈ গণভোট আহ্বান কৰিছিল যে ৰাহজে তেওঁৰ আহ্বান অনুসৰি ইউৰোপিয়ান ইউনিয়নত থকাৰ সপক্ষে মত দিব৷ ইয়াৰ পাছতেই ব্রিটেহন এক জটিল অর্থনৈতিক আৰু অস্থিৰ ৰাজনৈতিক পৰিক্রমাত পতিত হয়৷ পাউণ্ডৰ মূল্য ডলাৰ সাপেক্ষে তেতিয়াহ একেকোবে ১ পাউণ্ড প্রায় ১.৫০ ডলাৰৰ সমানৰ পৰা ১.৩০ ডলাৰলৈ নামি আহে৷ একেদিনাহ প্রায় ১% অৱনমিত হৈছিল৷ আজি নামি আহি ১.১৩ৰ আশে–পাশে উঠা–নমা হৈ আছে৷ ডেভিড কেমেৰুনৰ পদত্যাগ অৱশ্যম্ভাৱী আছিল৷ ইয়াত নীতিতকৈ ৰাজনৈতিক বাধ্য–বাধকতা বেছি আছিল৷ ইয়াৰ পাছত ডেভিড কেমেৰুনৰ উত্তৰসূৰী থেৰেজা মে’হ ব্রেকজিট আহনীভাৱে সম্পন্ন কৰিব লোৱাৰি পদত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ বৰিছ জনছনে তেওঁৰ অতি আকাংক্ষিত প্রধানমন্ত্রিত্ব ২০১৮ চনত থেৰেজা মে’ৰ পৰা কুক্ষিগত কৰি ২০১৯ চনৰ নির্বাচনত বিপুলভাৱে জনাদেশ লাভ কৰিছিল৷ ব্রেকজিট আইনীভাৱে ২০১৯ চনত সম্পন্ন হৈছিল৷ দেশখনৰ এই অস্থিৰ দোদুল্যমান ৰাজনৈতিক অৱস্থাৰ মাজতে ক’ভিড–১৯ মহামাৰীৰ আগমন৷ ব্রিটেহনৰ হতিমধ্যে বিশ্ব ৰাজনীতিত স্থান অৱনমিত হৈছিল৷ দেশখন আভ্যন্তৰীণ ৰাজনীতিত ব্যতিব্যস্ত হৈ আছিল৷ ব্রেকজিটৰ এটাও সুফল যিধৰণে এহ মতবাদৰ সপক্ষে থকাসকলে প্রচাৰ কৰিছিল, এটাও লাভ হোৱা নাছিল৷ আনহাতে, অর্থনৈতিক কু–ফলসমূহে ভাৰাক্রান্ত কৰিছিল৷ এটা লজ্জাজলক পৰিস্থিতিত বৰিছ জনছনে অলপতে পদত্যাগ কৰাৰ পাছত লিজ ড্রাছে বহুকেহজন প্রতিদ্বন্দ্বীক হৰুৱাহ দলৰ সভ্যসকলৰ বিপুল ভোটত প্রধানমন্ত্রিত্ব লৈছিলহে মাথোঁ৷ হেঁচাৰ সন্মুখত তেওঁৰ পদত্যাগৰ পাছত ঋষি সুনক পৰিস্থিতিৰ বাধ্য–বাধকতাত কনজাৰভেটিভ দলৰ বিনাপ্রতিদ্বন্দ্বতাৰে নেতা নির্বাচিত হোৱাৰ সূত্রে এই বছৰত তৃতীয়গৰাকী প্রধানমন্ত্রী হ’ব৷ ব্রিটেইনৰ ৰাজনৈতিক আৰু আর্থ–সমাজিক ঘটনাপ্রৱাহ অদূৰ ভৱিষ্যতৰ বাবে লক্ষণীয় হৈ থাকিব৷

You might also like