জিম্বাব’ৱেৰ হাতত পৰাজয়ৰ পিছতে গৃহযুদ্ধ পাক ক্রিকেটত: কাঠগৰাত অধিনায়ক বাবৰ–প্রশাসক ৰামিজ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: জিম্বাব’ৱেৰ হাতত লজ্জাজনক পৰাজয়ৰ পিছতে পাকিস্তান ক্রিকেটত আৰম্ভ হৈছে গৃহযুদ্ধ৷ টি–২০ ক্রিকেটৰ বিশ্বকাপত এই পর্যন্ত খেলা দুয়োখন মেচতে পৰাজিত হৈছে পাকিস্তান৷ ভাৰতৰ পিছত দুর্বল প্রতিপক্ষ জিম্বাব’ৱেৰ বিপক্ষেও জয়লাভ কৰিব নোৱাৰিলে বাবৰ আজমৰ দলটোৱে৷ ইয়াৰ ফলত দলৰ অধিনায়ক আৰু প্রশাসকসকলকে কাঠগৰাত তুলিছে দেশখনৰ প্রাক্তন ক্রিকেটাৰসকলে৷ পাকিস্তানৰ প্রাক্তন বলাৰ ছোৱেইব আখতাৰে পাকিস্তানৰ অধিনায়ক আজমক অত্যন্ত জঘন্য বুলি মন্তব্য কৰিছে৷
পাকিস্তানৰ অন্যতম শ্রেষ্ঠ পেচ বলাৰ মহম্মদ আমিৰে কৈছে যে পাকিস্তান ব’ৰ্ডৰ অধ্যক্ষ ৰামিজ ৰাজাই এতিয়াই পদত্যাগ কৰা উচিত৷ কালি জিম্বাব’ৱেৰ বিপক্ষে পৰাজিত মেচখনত পাকিস্তানৰ দল নির্বাচনক কেন্দ্র কৰি প্রশ্ণৰ উদয় হৈছে৷ মেচখনত পৰাজয়ৰ পিছত বাবৰৰ দল নির্বাচনক লৈ ক্ষোভত ফাটি পৰে পাকিস্তানৰ সাধাৰণ মানুহৰ পৰা ক্রিকেট বিশেষজ্ঞলৈকে৷ অতিৰিক্ত পেচাৰ হিচাপে মহম্মদ ৱাছিমক জিম্বাব’ৱেৰ বিপক্ষে খেলোৱা হৈছিল৷ চাৰিটা উইকেট দখল কৰিলেও বাবৰৰ এই সিদ্ধান্তক লৈ তীব্র সমালোচনা আৰম্ভ হয়৷ মাত্র ১৩০ ৰান সংগ্রহ কৰিবলৈ গৈ তুমুল প্রত্যাহ্বানৰ সন্মুখীন হয় পাক বেটাৰসকল৷
মেচখনত পৰাজয়ৰ পিছত নিজৰ ইউটিউব চেনেলত এটি ভিডিঅ’ আপলোড কৰি আখতাৰে কয়– ‘পূর্বেও বহুবাৰ কৈছোঁ শীর্ষক্রম আৰু মধ্যক্রমৰ বেটাৰে ভাল খেলিলে বৃহৎ মেচত জয়লাভ কৰিব পাৰি৷ ব’ৰ্ডৰ অধ্যক্ষ ৰাজাক তুলাধুনা দি প্রাক্তন পেচাৰ মহম্মদ আমিলে লিখিছে– ‘প্রথম দিনাৰ পৰাই মই কৈছোঁ যে একেবাৰে ভুল দল নির্বাচন কৰিছে পাকিস্তানে৷ এই জঘন্য পৰাজয়ৰ দায়িত্ব কোনে গ্রহণ কৰিব? মই ভাবোঁ এই মুহূর্তত ৰাজাক অধ্যক্ষ পদৰ পৰা আঁতৰাই দিয়া উচিত৷ সকলোৰে ঈশ্বৰ হৈ উঠিব বিচাৰিছে ব’ৰ্ডৰ অধ্যক্ষ আৰু নির্বাচক প্রধানে৷’
উল্লেখ্য যে বিশ্বকাপৰ পৰা পাকিস্তানৰ বিদায় কার্যতঃ নিশ্চিত হৈছে যদিও আশা সম্পূর্ণৰূপে নির্বাপিত হোৱা নাই৷ কিন্তু বিশ্বকাপৰ মাজতে দেশখনৰ ক্রিকেটত আৰম্ভ হৈছে গৃহযুদ্ধ৷