আর্থিকভাৱে দুর্বল শ্রেণীৰ ভুৱা প্রমাণ–পত্র দাখিল কৰি বাছনিভুক্ত হ’ল এপিএছচিৰ পৰীক্ষাত
- আজিপর্যন্ত প্রকাশ নাপালে প্রাৰম্ভিক পৰীক্ষাৰ প্রাপ্ত নম্বৰ আৰু কাট অফ নম্বৰৰ তালিকা
- ই ডব্লিউ এছ প্রমাণ–পত্রৰ পুনৰীক্ষণৰ দাবী ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: ভাষাৰ প্রশ্নকাকতক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ অৱসান ঘটাৰ পাছত অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ ২০২০ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল৷ শেহতীয়াকৈ ঘোষণা কৰা এই পৰীক্ষাৰ ফলাফলত যথেষ্ট গুৰুতৰ অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ এটা সংস্থাই৷ এক বিবৃতিত সংস্থাটোৰ আহ্বায়ক তথা আইনী কোষৰ সদস্য দেৱজ্যোতি গোস্বামীয়ে কয় যে আর্থিকভাৱে দুর্বল শ্রেণী (ই ডব্লিউ এছ)ৰ ভুৱা প্রমাণ–পত্র দাখিল কৰি কেইবাজনো প্রার্থী বাছনিভুক্ত হোৱাৰ বাতৰিয়ে তেওঁলোকক হতচকিত কৰি তুলিছে৷
এই সন্দর্ভত গোস্বামীয়ে কয়– ‘একাংশ প্রার্থী আৰু আমাৰ প্রাৰম্ভিক অনুসন্ধানৰ পৰা লাভ কৰা তথ্য অনুসৰি এই বছৰ আয়োগৰ পৰীক্ষাত ই ডব্লিউ এছ কোটাত এ চি এছৰ ৯৩ স্থান লাভ কৰা চয়নিকা হাজৰিকা আৰু এ পি এছ চিৰ ৫১ স্থান লাভ কৰা অমৰজ্যোতি শইকীয়া দুয়োৰে আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রমাণ–পত্র ভুৱা৷ আর্থিকভাৱে যথেষ্ট সচ্ছল আৰু পিতৃ–মাতৃৰ লগতে দুয়োগৰাকী উচ্চ দৰমহা পোৱা চৰকাৰী চাকৰিয়াল হোৱা সত্ত্বেও ভুৱা প্রমাণ–পত্রৰে বাছনিভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ পূর্বেও আয়োগৰ পৰীক্ষাত ই ডব্লিউ এছ প্রমাণ–পত্রৰ জালিয়াতি কৰি প্রার্থী বাছনিভুক্ত হোৱাৰ অভিযোগ আছে৷ আনকি প্রকৃত প্রমাণ–পত্র থকা সত্ত্বেও এচামক আয়োগে বঞ্চিত কৰি আহিছে৷ জলসিঞ্চনৰ মেকানিকেল সহকাৰী অভিযন্তা পদত ই ডব্লিউ এছ প্রমাণ–পত্রৰে যোৰহাটৰ স্বাগত প্রবীণ শইকীয়া নামৰ এজন যুৱকৰ বিৰুদ্ধেও একেধৰণৰ অভিযোগ আহিছিল৷’ আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত ভুৱা কম্পিউটাৰৰ প্রমাণ–পত্র প্রদান কৰা প্রার্থীক গ্রেপ্তাৰ কৰি বাঃ বাঃ লোৱা চৰকাৰে ই ডব্লিউ এছৰ ভুৱা প্রমাণ–পত্রৰে বাছনিভুক্ত বিষয়াৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ সৎ সাহস হ’বনে বুলি প্রশ্ণ উত্থাপন কৰি গোস্বামীয়ে কয় যে ই ডব্লিউ এছৰ ভুৱা প্রমাণ–পত্র দিয়া বিষয়াসকলে শাস্তি লাভ কৰিবনে? সেয়েহে বাছনিভুক্ত সকলো প্রার্থীৰ প্রমাণ–পত্রৰ লগতে ই ডব্লিউ এছ প্রমাণ–পত্র পুনৰীক্ষণ কৰিবলৈ গোস্বামীয়ে দাবী উত্থাপন কৰিছে৷
ইফালে, ফলাফল ঘোষণা কৰা সত্ত্বেও ২০২০ বর্ষৰ পৰীক্ষাৰ প্রাথমিক পৰীক্ষাৰ প্রাপ্ত নম্বৰ আৰু কাট অফ নম্বৰ ৰাজহুৱা নকৰাৰ বিষয়টোক লৈ তেওঁ ক্ষোভ প্রকাশ কৰিছে৷ একেটা বিবৃতিতে গোস্বামীয়ে কয়– ‘অসামৰিক সেৱা পৰীক্ষা ২০২০ৰ প্রাৰম্ভিক পৰীক্ষাৰ প্রার্থীসকলৰ প্রাপ্ত নম্বৰ আৰু কাট অফ নম্বৰ আজিলৈ ৰাজহুৱা নহ’ল৷ বাছনিভুক্ত প্রার্থীসকলৰ লগতে মূল পৰীক্ষাত অৱতীর্ণ হোৱা আন প্রার্থীসকলৰো মূল পৰীক্ষা অথবা মৌখিক পৰীক্ষাৰ নম্বৰ ৰাজহুৱা নহ’ল৷’ উল্লেখ্য যে পূর্বৰে পৰা এ পি এছ চিৰ বিভিন্ন অনিয়মক লৈ এই সংস্থাটোৱে সৰৱ ভূমিকা পালন কৰি আহিছে৷