নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থ ডিজিটেলাইজৰ নামত স্কিল কিটছৰ প্ৰৱঞ্চনাৰ জাল : ৫০০ কোটি লুণ্ঠনেৰে মাষ্টাৰমাইণ্ডৰ পলায়ন

বিশেষ বাৰ্তা, ২৯ অক্টোবৰঃ ইউৰোপৰ বিভিন্ন লেখকৰ গ্রন্থ ডিজিটেলাইজ কৰাৰ নামত প্রৱঞ্চনাৰে অসমৰ শ শ যুৱক–যুৱতীৰ পৰা ৫০০ কোটিৰো অধিক ধন লুট কৰি নিয়ে প্রৱঞ্চক চক্রই৷ সুপৰিকল্পিতভাৱে স্কিল কিটছ প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠান খুলি প্রৱঞ্চনাৰে শ শ কোটি টকা লুণ্ঠন কৰি আত্মগোপন কৰিছে প্রৱঞ্চক চক্রটোৰ মাষ্টাৰ মাইণ্ড কানাডা নিৱাসী ডলভিন্দৰ সিঙে৷ স্কিল কিটছ নামৰ কোম্পানীটোৱে উলুবাৰীত কার্যালয় খুলি কৌশিক বৈশ্যক সঞ্চালক, সুধাংশু চৌহানক চি ই অ’ আৰু সঞ্জীৱ আগৰৱালাক মার্কেটিং মেনেজাৰ হিচাপে নিযুক্তি দিছিল৷ অতি পৰিকল্পিতভাৱে এই চক্রটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ যুৱক–যুৱতীক প্রলোভন দি প্রৱঞ্চনাৰে শ শ কোটি টকা সংগ্রহ কৰিছিল৷ প্রতিজন যুৱক–যুৱতীৰ পৰা গ্রন্থ ডিজিটেলাইজৰ ঠিকা প্রদানৰ নামত তিনি লাখ টকাকৈ আগধন হিচাপে জমা লৈছিল৷ শ শ যুৱক–যুৱতীৰ বিশাল পৰিমাণৰ ধন সংগ্রহ কৰি মাষ্টাৰ মাইণ্ড ডলভিন্দৰ সিঙে পলায়ন কৰে৷ দেৱালীৰ পাছৰে পৰা উলুবাৰীৰ কার্যালয়ত তলা ওলমি থকাত ভুক্তভোগী যুৱক–যুৱতীয়ে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত পল্টনবজাৰ আৰক্ষীয়ে ৫২০/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি স্কিল কিটছৰ সঞ্চালক কৌশিক বৈশ্যক কালি গ্রেপ্তাৰ কৰে৷ আজি কৌশিক বৈশ্যক আদালতত হাজিৰ কৰি পল্টনবজাৰ আৰক্ষীয়ে দুদিনৰ জিম্মাত লয়৷ এই কোটিটকীয়া প্রৱঞ্চনাৰ গোচৰটোৰ সন্দর্ভত পল্টনবজাৰ আৰক্ষীয়ে স্কিল কিটছৰ কর্মচাৰী বিদিশা দেৱী, ৰিণি শইকীয়া, ত্রিদিপ বৰুৱা, কামালুদ্দিন আলীকে ধৰি কেবাজনো কর্মচাৰীক সোধাপোছা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত কোম্পানীটোৰ সঞ্চালক কৌশিক বৈশ্যই ৫০০ কোটি টকা সংগ্রহ কৰা সন্দর্ভত ৰহস্যজনকভাৱে অজ্ঞতা প্রকাশ কৰি কেৱল বিভিন্ন নথি–পত্রত চহী কৰা বুলিহে আৰক্ষীক স্বীকাৰোক্তি দিছে৷ ইফালে বিদিশা দেৱী নামৰ কর্মচাৰীগৰাকী চি ই অ’ সুধাংশু চৌহানৰ খুৱেই ঘনিষ্ঠ বুলি জানিবলৈ দিছে৷ লগতে কোম্পানীয়ে বান্ধি দিয়া চৰ্ত পূৰণ কৰিবলৈ সমর্থ হোৱা বুলি চি ই অ’ মিট্টালে উপহাৰ হিচাপে এখন বিলাসী গাড়ীও বিদিশা দেৱীক কোম্পানীৰ তৰফৰ পৰা উপহাৰ হিচাপে দিছিল৷ কিন্তু এই গাড়ীখন গুৱাহাটী থকা সময়ত সুধাংশু চৌহানেহে ব্যৱহাৰ কৰিছিল৷ বিদিশা আৰু সুধাংশু চৌহানৰ মাজত হোৱা হোৱাটছআপ বার্তালাপৰ স্কিনশ্ব’ট এতিয়া ভাইৰেল হৈ পৰিছে৷ এই হোৱাটছআপ বার্তালাপত মেছেজে সুধাংশু আৰু বিদিশাৰ মাজত থকা ঘনিষ্ঠ সম্পর্কৰ কথাকেই পোহৰলৈ আনিছে৷ সম্প্রতি পল্টনবজাৰ আৰক্ষীয়ে কৌশিক বৈশ্যক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ কালি কৌশিক বৈশ্যৰ বাসগৃহত অভিযান চলাই স্কিল কিটছৰ বহু নথি–পত্র আৰক্ষীয়ে জব্দ কৰিছে৷ স্কিল কিটছ কোম্পানীটোৰ স্বত্বাধিকাৰী কানাডাৰ নিবাসী ডলভিন্দৰ সিং, চি ই অ’ সুধাংশু চৌহান, মার্কেটিং মেনেজাৰ সঞ্জীৱ আগৰৱালাক পল্টনবজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব নে সেয়া এটা কোটিটকীয়া প্রশ্ন৷

You might also like