টি–২০ বিশ্বকাপ: টীম ইণ্ডিয়াৰ সন্মুখত আজি দক্ষিণ আফ্রিকা
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: দক্ষিণ আফ্রিকাৰ দ্রুতবেগী বলাৰ কাগিছো ৰাবাডা আৰু এনৰিখ নর্টজেই পার্থৰ বাউন্সী উইকেটত ধুমুহাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ সেয়া হ’লে দলটোৰ বিপক্ষে খেলিব লগা টি–২০ বিশ্বকাপৰ নিজৰ তৃতীয়খন মেচত ভাৰতৰ শীর্ষক্রমৰ বেটাৰসকলে অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব লাগিব৷ আজি অনুষ্ঠিত হ’বলগীয়া এই মেচখন গ্রুপ বিৰ পৰা শীর্ষস্থান দখল কৰিবলৈ দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ হ’ব৷
উল্লেখ্য যে বিপক্ষ দলৰ বলাৰ ৰাবাডা আৰু নর্টজে বিশ্বৰ আটাইতকৈ বিপজ্জনক পেচ বলাৰ৷ তেওঁলোকে ৰোহিত শর্মা, কে এল ৰাহুল, বিৰাট কোহলি আৰু সূর্যকুমাৰ যাদৱৰ সন্মুখত তীব্র প্রত্যাহ্বান সৃষ্টি কৰিব৷ পার্থৰ পৰম্পৰাগত পিটছ নতুনকৈ নির্মাণ কৰাৰ পিছত পেচ বলাৰে অতিৰিক্ত সুবিধা লাভ কৰিব৷ ইয়াৰ ফলত পাৱাৰ প্লেত অধিক ৰান সংগ্রহ কৰিবলৈ কঠিনতাৰ সন্মুখীন হ’ব ৰোহিত আৰু বিৰাট কোহলিৰ৷ পূর্বৰ দুখন মেচত অ’পেনাৰ ৰাহুলে ৰান সংগ্রহত ব্যর্থ হৈছে যদিও প্রশিক্ষক ৰাহুল দ্রাবিড় আৰু বেটিং প্রশিক্ষক বিক্রম ৰাথোৰে তেওঁৰ স্থানত ঋষভ পণ্টৰ অন্তর্ভুক্তি নুই কৰিছে৷ আনকি দীনেশ কার্তিকৰ স্থানতো পণ্টৰ কথা ভবা নাই দল মেনেজমেণ্টে৷
ইপিনে দক্ষিণ আফ্রিকাৰ বিপক্ষে ভাৰতীয় দল সাজু হ’ব পৰাকৈ নেদাৰলেণ্ডছ আৰু টীম ইণ্ডিয়াৰ মেচখন যথেষ্ট নাছিল৷ তদুপৰি দক্ষিণ আফ্রিকাৰ বিপক্ষে ভাৰতৰ বেটিং উইকেটত খেলা শৃংখলাটো চলিত বিশ্বকাপত সহায়ক হোৱাৰ সম্ভাৱনা নাই৷ আজি মেচখনত দক্ষিণ আফ্রিকাই বলিং বিভাগত সালসলনি ঘটোৱাৰ সম্ভাৱনা নোহোৱা নহয়৷ দলৰ পৰা বাঁওহতীয়া স্পীনাৰ টাব্রেইজ ছামছিক বাদ দি তেওঁৰ স্থানত অতিৰিক্ত চিমাৰ মার্কো জানছেন অথবা লুংগী এনগিৰিক অন্তর্ভুক্ত কৰিলেও আচৰিত হ’বলগীয়া নাই৷ অৱশ্যে প্রত্যাহ্বান কঠিন হ’লেও জয়লাভৰ মনোভাবেৰে অৱতীর্ণ হ’ব অধিনায়ক ৰোহিত শর্মা৷ বিশ্বকাপৰ পূর্বে খেলা ঘৰুৱা শৃংখলাত ভাৰতে দক্ষিণ আফ্রিকাক পৰাজিত কৰি ইতিহাস সৃষ্টি কৰিছে৷ এই বিজয়ৰ পিছত আজি অধিক আত্মবিশ্বাসেৰে অৱতীর্ণ হ’ব ভাৰত৷ তদুপৰি মেচখনত জয়লাভ কৰিলে ৰোহিত বাহিনীয়ে গ্রুপত শীর্ষ স্থান লাভ কৰাটো একপ্রকাৰ নিশ্চিত হ’ব৷
স্থানঃ পার্থ, সময়: বিয়লি ৪.৩০ বজা