বৰপথাৰত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক আটক
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বোকাজান মহকুমাৰ মাজেৰে যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ড্ৰাগছৰ অবাধ সৰবৰাহৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ বিপৰীতে কাৰ্বি আংলং আৰক্ষীয়েও ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত ৰখাৰ ফলশ্ৰুতিত আৰক্ষীয়ে খুব কম সময়ৰ ব্যৱধানত কেজিয়ে কেজিয়ে নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ এনে তৎপৰতাৰ মাজতে আজি বোকাজান আৰক্ষীয়ে মহকুমাটোত অভিযান চলায় বুজন পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্রী জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এক বিশেষ সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খাকৰাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এক নাকা তালাচী চলায়। তালাচী অভিযান চলি থকাৰ সময়তে ডিমাপুৰৰ পৰা বাণাৰস অভিমুখী এইচআৰ-৩৮-এক্স-৮০৯৩ নম্বৰৰ ছয় চকীয়া এখন ট্ৰাকৰ পৰা ৭৮ টা প্লাষ্টিকৰ পেকেটত মুঠ ৮ কুইন্টেল গাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক কৰিবলৈ সক্ষম হয়। ধৃত চালকজন হাৰিয়ানাৰ আম্বালা জিলাৰ জনকপুৰী বাৰাৰাৰ সেৱা সিং (৩৬) বুলি জানিব পৰা গৈছে। আনহাতে, আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীক জেৰা অব্যাহত ৰখাৰ লগত ট্ৰাকখনৰ বডিত কৌশলেৰে লুকুৱাই অনা জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ৮০ লাখ টকা বুলি আৰক্ষী সূত্রে প্রকাশ। উল্লেখ্য যে, বৰপথাৰ আৰক্ষীয়ে আজি জব্দ কৰা বৃহৎ পৰিমাণৰ গাঞ্জাৰ ঘটনাই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোক যে একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ ব্যৱসায়ৰ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে তাক পুনৰবাৰ সত্য প্ৰমাণ কৰিছে।