বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ সুসাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ স্মৃতিত ‘মুনীন বৰকটকী স্মাৰক ন্যাস’ৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্রতিভাশালী তৰুণ লেখক লেখিকাসকলক উদগনি জনাবলৈ প্রদান কৰি অহা বার্ষিক ‘মুনীন বৰকটকী সাহিত্য বঁটা ২০২২’ আজি ঘোষণা কৰা হৈছে৷ ২০২২ বর্ষৰ ২৮সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’ হালধীয়া জোতা শীর্ষক চুটিগল্পৰ পাণ্ডূলিপিৰ বাবে আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্রতিশ্রুতিসম্পন্ন তৰুণী কাহিনীকাৰ উপাসনা শইকীয়ালৈ৷ ১৯৯৫ চনৰ পৰা অসমীয়া ভাষা ন লেখক–লেখিকাসকলক্ উদগনি যোগোৱাৰ উদ্দেশ্যে প্রদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্রশস্তিপত্র৷