নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ বজালীৰ পহুমৰা নৈৰ পাৰত যোৱা কিছুদিন ধৰি একাংশ দুষ্টচক্ৰই ভয়াবহভাৱে অবৈধ খনন কৰি সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল। কুৰিখনৰো অধিক দহচকীয়া ডাম্পাৰ আৰু ট্ৰেক্টৰে দিনে নিশাই বিৰামহীনভাৱে খনন কাৰ্য চলাই অঞ্চলটোৰ ৰাইজৰ জীৱন আৰু সম্পত্তিলৈ ভয়াবহ ভাবুকি কঢ়িয়াই অনাৰ বাতৰি ‘নিয়মীয়া বাৰ্তা’ৰ লগতে আন একাংশ বাতৰি কাকতত ধাৰাবাহিকভাবে প্ৰকাশ হোৱাৰ পাছতেই আজি বজালী জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী নৈপাৰত উপস্থিত হৈ চৰজমিন তদন্ত কৰি তাৎক্ষনিকভাবে মাটি খনন বন্ধ কৰি দিয়ে। উল্লেথ্য যে বজালীৰ মাজেৰে প্ৰবাহিত পহুমৰাৰ পাৰৰ সমান্তৰালকৈ নৈৰ বুকুৰ পৰাও একাংশ দুষ্ট চক্ৰই অনুজ্ঞাবিহীনভাৱে হোৰা হোৰে মাতি কাটি অঞ্চলটোলৈ বিপদ কঢ়িয়াই আনিছিল৷ এখন-দুখন নহয় প্ৰায় বিশখনতৈ দহ চকীয়া আৰ্থ মুভাৰে দিনে নিশাই মাটি কাটি একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল নৈ পৰীয়া ৰাইজৰ মাজত। বন বিভাগৰ নাকৰ সন্মুখতে বিভাগটোক বুঢ়া আঙুলি দেখুৱাই এই দুস্কাৰ্য সংঘটিত কৰিছিল বজালী জিলা উপায়ুক্ত আৰু বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিলোমিটাৰ দুৰৰ কাৰৈখোৱা নয়াপাৰা অঞ্চলত। দিনে নিশাই জিলাখনৰ মুৰব্বীৰ কাৰ্যালয়ৰ সন্মুখেৰে বীৰদৰ্পে পাৰ হৈছিল এইসমুহ অনুজ্ঞাপত্ৰ বিহীন মাটিভৰ্তি ডাম্পাৰ আৰু ট্ৰেক্টৰ। ডাম্পাৰৰ ধুলিৰ ধুমুহাত খাব- শুব নোৱাৰা হৈছে বুলি ভূক্তভোগী ৰাইজে কাতৰে আহ্বান জনাই অহাৰ পিছতো ৰাইজৰ দুখ দুৰ্দশক বুঢ়া আঙুলি দেখুৱাই বিৰামহীন ভাবে মাটি কাটি আছিল এই সকল মাটি মাফিয়াই। সংবাদ মাধ্যমৰ উপৰ্যুপৰি বাতৰিৰ প্ৰভাৱত আজি বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজৌতি দেৱ আৰু সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া মদিৰা বেগম উপস্থিত হোৱাৰ লগে লগে মাটি খন্দা আৰ্থ মুভাৰসমূহ বন্ধ কৰিবলৈ বাধ্য হয়৷ ইয়াৰ লগে লগে ইমান দিনে অনুমতি থকা বুলি দম্ভালী মাৰি ফুৰা মাটি মাফিয়াসকল ৰহস্যজনক ভাবে উক্ত স্থানৰ পৰা অন্তৰ্ধান হয়৷ ইয়াৰ পিছতে নদীৰ পাৰৰ অবৈধ খননসমূহ বন্ধ কৰি সকলোকে কাইলৈ জিলাধিপতিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজোতি দেৱে। স্মৰ্তব্য যে বিগত দুটাকৈ বানৰ বিভীষিকাৰ মাৰ নৌযাওঁতেই পুনৰ নৈৰ খননে শংকিত কৰি তুলিছে বজালীৰ নৈ পৰীয়া বানাক্ৰান্ত ৰাইজক। এনেকুৱা অবৈধ খননৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হোৱাৰ উপৰি নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে৷ যিটো সময়ত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সেইটো সময়তে বন আইনক বুঢ়া আঙুলি দেখুৱাই কেনেদৰে বজালীত এনে ভয়াবহ দুৰ্নীতি সংঘটিত হৈ আছে সেয়া যেন এক কোটিটকীয়া প্ৰশ্ন।
প্ৰেৰক কল্যাণ কলিতা