বিশেষ বাৰ্তা, ৩১ অক্টোৱৰঃ স্বাধীনতা সংগ্ৰামী,লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি ১৪৭ সংখ্যক জন্ম জয়ন্তী।দেশৰ স্বাধীনতা সংগ্ৰামী জনৰ জন্ম জয়ন্তীৰ দিনটোত সমগ্ৰ দেশজুৰি পালন কৰা হয় ৰাষ্টীয় একতা দিৱস।এই ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে নাহৰকটীয়াৰ জয়পুৰস্থিত সেনাৰ ১৪ ৰাজপুত ৰেজিমেন্টৰ উদ্যোগত আজি উলিওৱা হয় এক মাৰাথন দৌৰ প্ৰতিযোগিতা।প্ৰায় ডেৰ শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই মাৰাথন দৌৰ প্ৰতিযোগিতা জয়পুৰ ৰাজহুৱা খেলপথাৰ পৰা আৰম্ভ কৰি জয়পুৰ চাৰিআলি হৈ প্ৰায় ২.৫ কিল’মিটাৰ পথ অতিক্ৰম কৰি পুনৰ জয়পুৰ ৰাজহুৱা খেলপথাৰত সামৰণি মৰা হয়।উল্লেখ্য যে লৰা আৰু ছোৱালী দুটা শাখাত অনু্ষ্ঠিত হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ মুঠ ১০ গৰাকী ছাত্ৰ ছাত্ৰীক সেনাৰ ফালৰ পৰা পুৰস্কৃত কৰা হয়।এই অনুষ্ঠানত ১৪ ৰাজপুত ৰেজিমেন্টৰ সেনা বিষয়া মেজৰ মুকুল,এছ এছ চাংকলাকে,জয়পুৰ পঞ্চায়তৰ সভানেত্ৰী কৰবি গগৈ কলিতা,সমাজকৰ্মী মৃদুল কলিতাকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা