নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আপুনিও ফুটপথৰ খাদ্য খাই ভাল পাই নেকি ? বিভিন্ন সময়ত ফুটপথৰ সস্তীয়া খাদ্যই মানুহৰ শৰীৰলৈ বিপদ মাতি অনাৰ খবৰ প্ৰচাৰ হৈ থকাৰ মাজতেই এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা ।
তামিলনাডুৰ ৰামেশ্বৰমৰ এটা ফুটপথত চিকেন বিৰিয়ানী বিক্ৰী কৰা এখন ঠেলাত যেতিয়া খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই, তেতিয়া বিভাগীয় বিষয়াসকল আচৰিত হৈ পৰে । দৰাচলতে ঠেলাখনত যি চিকেন বিৰিয়ানী বুলি বিক্ৰী কৰা হৈছিল সেয়া আচলতে আছিল কাউৰীৰ মাংসহে ।
যাৰ পাছতে চিকেনৰ নামত কাউৰীৰ মাংস বিক্ৰী কৰি অহা সন্দৰ্ভত ২ জন লোকক আৰক্ষীয়ে আটক কৰে ।
ইফালে ৰামেশ্বৰম মন্দিৰৰ কৰ্তৃপক্ষই জনোৱা মতে, প্ৰতিদিনে তেওঁলোকে মন্দিৰ চৌহদত থকা কাউৰীৰ লগতে আন চৰাই সমূহক খাদ্য দি আহিছিল যদিও বিগত কিছুদিনৰ পৰা কাউৰীৰ সংখ্যা কমি অহা পৰিলক্ষিত হৈছিল ।
আনহাতে গ্ৰেপ্তাৰ হোৱা লোকদুজনৰ মতে, কাউৰীৰ মাংসসমূহ তেওঁলোকে বিৰিয়ানী বনোৱাৰ উপৰিও চিকেন ললিপপ বুলিও বিক্ৰী কৰি আহিছিল ।